কোকৰাঝাৰৰ সকলো আৰক্ষীয়ে কভিড ১৯ ভেকচিন ল’বই লাগিব : আৰক্ষী অধীক্ষক…

কোকৰাঝাৰৰ সকলো আৰক্ষীয়ে কভিড ১৯ ভেকচিন ল’বই লাগিব : আৰক্ষী অধীক্ষক…

ডিজিটেল সংবাদ,কোকৰাঝাৰ : কোকৰাঝাৰ জিলাৰ আৰক্ষী অধীক্ষক ৰাকেশ ৰৌশানে শুকুৰবাৰে কোৰোনা ভেকচিনৰ প্ৰথমটো ছিটা লয় । কোকৰাঝাৰ জিলাৰ বালাগাঁও খণ্ড প্ৰাথমিক তথা সামুহিক স্বাস্থ্যকেন্দ্ৰত আজি আৰক্ষী অধীক্ষক ৰাকেশ ৰৌশানে প্ৰথমটো ছিটা গ্ৰহণ কৰি সংবাদমাধ্যমৰ আগত জিলাখনৰ প্ৰতিগৰাকী আৰক্ষীয়ে অহা দুই তিনিদিনৰ ভিতৰতে কৰোনাৰ ছিটা লব বুলি মন্তব্য কৰে ।

ইতিমধ্যে জিলাখনৰ অধিক সংখ্যক আৰক্ষীয়ে কৰোনাৰ ছিটা গ্ৰহণ কৰিছে আৰু যিসকল আৰক্ষীয়ে এতিয়ালৈকে কৰোনাৰ ছিটা লোৱা নাই তেওঁলোকক শীঘ্ৰে ক্ৰমাংক অনুসৰি কোৰোনাৰ ছিটা লোৱাৰ আহ্বান জনাইছে । এগৰাকী আৰক্ষীও যাতে কোৰোনা ভেকচিন নোলোৱালৈ নাথাকে তাৰ প্ৰতি জিলা আৰক্ষী প্ৰশাসনে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে বুলি সদৰি কৰিছে ৰাকেশ ৰৌশানে । উল্লেখ্য যে কৰোনাকালত আৰক্ষী অধীক্ষক ৰাকেশ ৰৌশানে কৰোনাত আক্ৰান্ত হৈছিল ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in