ডিজিটেল সংবাদ,কোকৰাঝাৰঃ জনজাতি পৰিক্ৰমা বিভাগৰ মন্ত্ৰী ৰণোজ পেগুৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ সভাপতি অৰবিন্দ নাথৰ। বৃহস্পতিবাৰে সদনত বিধায়ক অখিল গগৈৰ এক প্ৰশ্নোত্তৰত জনজাতি পৰিক্ৰমা বিভাগৰ মন্ত্ৰী ৰণোজ পেগুৱে নাথ যোগীৰ জনজাতিকৰণ সন্দৰ্ভত কোনো আবেদন পোৱা নাই বুলি উল্লেখ কৰিছিল। ইয়াৰ পিছতে শুকুৰবাৰে জনজাতি পৰিক্ৰমা বিভাগৰ মন্ত্ৰী ৰণোজ পেগুৰ বিৰুদ্ধে গৰজি উঠে নাথ যোগী ছাত্ৰ সন্থা।
আজি কোকৰাঝাৰত এখন সংবাদমেল সম্বোধন কৰি তীব্ৰ ক্ষোভেৰে ৰণোজ পেগুৰ বক্তব্যক প্ৰত্যাহ্বান জনাই নাথ যোগী ছাত্ৰ সন্থাই। তেওঁলোকে কয় যে, ২০১৮ চনৰ পৰাই জনজাতিকৰণৰ বাবে আন্দোলন চলাই আহিছে সংগঠনটোৱে। ২০১৮ চনৰ ২৩এপ্ৰিলত জনজাতিকৰণ সন্দৰ্ভত তেতিয়াৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগত আলোচনা হৈছিল নাথ যোগী ছাত্ৰ সন্থাৰ। ২০২১ চনৰ ১১ নৱেম্বৰত কইনাধৰাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে নাথ যোগী ছাত্ৰ-সন্থাৰ জনজাতিকৰণ সন্দৰ্ভত আলোচনা হৈছিল আৰু মুখ্যমন্ত্ৰীয়ে বিষয়টোক লৈ জনজাতি পৰিক্ৰমা বিভাগলৈ লিখিছিল ।
লগতে উল্লেখ কৰে যে, ২০২২ চনৰ ১৬ডিচেম্বৰত জনজাতি পৰিক্ৰমা মন্ত্ৰী ৰণোজ পেগুৰ স'তে নাথ যোগী ছাত্ৰ সন্থাৰ জনজাতিকৰণক লৈ আলোচনাত মিলিত হৈছিল। এই সন্দৰ্ভত চৰকাৰে মাইনুটছ তৈয়াৰ কৰিছিল। ইমানৰ পিছতো আলোচনা যদি ভেঁকো-ভাওনা আছিল তেন্তে চৰকাৰে অসমৰ জনগণক জনাব লাগে বুলি আজি সংবাদমেলত ক্ষোভ প্ৰকাশ কৰে সংগঠনৰ নেতৃত্বই।
লগতে কয় যে,অসমৰ জনগণে জানিব যে চৰকাৰখন মিছলীয়া। কোনো ধৰণৰ কাম-কাজ নকৰা মিছলীয়া চৰকাৰখনে ৰাইজক আভুৱা ভাৰি আছে। মুখ্যমন্ত্ৰীয়ে লিখি দিয়াৰ পিছতো কেনেকৈ ৰণোজ পেগুৱে মিথ্যাচাৰৰ আশ্ৰয় লব পাৰে বুলিও প্ৰশ্ন উত্থাপন কৰে নাথ যোগী ছাত্ৰ সন্থাই।
পবিত্ৰ সদনত নাথ যোগীৰ আৱেগ অনুভূতিত আঘাত কৰিছে বুলিও ক্ষোভ প্ৰকাশ কৰে। সংবাদমেলত কয় যে, বৰ্তমানৰ চৰকাৰখনে জাতি-মাটি-ভেঁটিৰ কথা কৈ শাসনলৈ আহিছে কিন্তু খিলঞ্জীয়াৰ সমস্যা সমাধানত তেওঁলোকৰ কোনো আগ্ৰহ নাই।
ইয়াৰোপৰি ৰণোজ পেগুৰ বিৰুদ্ধে সোমবাৰৰ পৰা জংগী আন্দোলনৰ ঘোষণা কৰে নাথ যোগী ছাত্ৰ সন্থাই। ২০ছেপ্টেম্বৰৰ শ্বহীদ দিৱসৰ দিনটোৰ পৰাই ২০২৬চনৰ নিৰ্বাচনৰ আগলৈ ধাৰাবাহিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে নাথ যোগী ছাত্ৰ সন্থাই। লগতে আজিৰ সংবাদ মেলতে মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান দি কয় যে,আন্দোলনত ক্ষয়-ক্ষতি হ'লে সংগঠন দায়ী নহয় বুলিও উল্লেখ কৰে।