Advertisment

সদৌ অসম মেডিকেল লেব’ৰেটৰী টেকনিচিয়ান সন্থাৰ ৩৭সংখ্যক প্ৰতিষ্ঠা দিৱসৰ ব্যাপক প্ৰস্তুতি...

সদৌ অসম মেডিকেল লেব’ৰেটৰী টেকনিচিয়ান সন্থাৰ ৩৭সংখ্যক প্ৰতিষ্ঠা দিৱসৰ ব্যাপক প্ৰস্তুতি...

author-image
Asomiya Pratidin
New Update
সদৌ অসম মেডিকেল লেব’ৰেটৰী টেকনিচিয়ান সন্থাৰ ৩৭সংখ্যক প্ৰতিষ্ঠা দিৱসৰ ব্যাপক প্ৰস্তুতি...

ফাইল ফটো

ডিজিটেল ডেস্কঃ   অসম চৰকাৰৰ স্বাস্থ্য সেৱা খণ্ডত নিষ্ঠা আৰু সততাৰে সেৱা আগবঢ়োৱা মেডিকেল লেব'বেটৰী টেনিচিয়ান সকলৰ বৃহৎ সংগঠন সদৌ অসম মেডিকেল লেব'ৰেটৰী টেক্‌নিচিয়ান সন্থাৰ ৩৭ সংখ্যক প্রতিষ্ঠা দিৱসটি এইবাৰ কাৰ্বি আংলং জিলাৰ বোকাজানত আড়ম্বৰপূৰ্ণভাবে উদযাপনৰ বাবে আয়োজন কৰা হৈছে।

Advertisment

অহা ১০ মে'ত বোকাজান ক্রীড়া প্রকল্পৰ প্রেক্ষাগৃহত এদিনীয়া বিস্তৃত কার্যাসূচীৰে অনুষ্ঠিত হ'বলগীয়া লেব'ৰেটৰী টেকনিচিয়ান সকলৰ এই মহামিলনৰ সমন্বয়ৰ বাকৰিত ৰাজ্যখনৰ ২৫ খন জিলা শাখাৰ পৰা ন-পুৰণি প্রতিনিধিয়ে অংশ গ্রহণ কৰিব।

কাৰ্য্যসূচী অনুসৰি পূৱা ৯.০০ বজাত সন্থাৰ পতাকা উত্তোলন, ৯.৩০ বজাতশ্বহীদ তর্পন আৰু শ্রদ্ধাঞ্জলি অনুষ্ঠান। ১০.০০ বজাৰ পৰা আৰম্ভ হ'বলগীয়া ন-পুৰণি সতীৰ্থৰ মহামিলনৰ অনুষ্ঠানত সভাপতিত্ব কৰিব সন্থাৰ প্রাক্তন সভাপতি পদ্মেশ্বৰ শইকীয়া আৰু অনুষ্ঠানটিৰ আঁত ধৰিব সন্থাৰ সাধাৰণ সম্পাদক ফকৰ উদ্দিন আহমেদে। অনুষ্ঠানটোত অংশগ্রহণ কৰিব সন্থাৰ প্রাক্তন সভাপতি ক্রমে- তাৰিণী কুমাৰ তায়েং, প্রফুল্ল ভট্ট, খনিন চৌধুৰী আৰু ভূপেন মাধৱ শইকীয়াই।

প্রাক্তন সাধাৰণ সম্পাদক ক্রমে এম, কায়েম তালুকদাৰ, নন্দীৰাম হাজৰিকা, খগেন মহন্ত লগতে ন-পুৰণি বিষয়ববীয়া আৰু সদস্যসকল। ১১.০০ বজাত আৰম্ভ হ'ব সদৌ অসম মেডিকেল লেব'ৰেটৰী টেনিচিয়ান সন্থাৰ বিশেষ সাধাৰণ সভা। বিয়লি ২.০০ বজাত সন্থাৰ সভাপতি শ্রীদীনবন্ধু ডেকাৰ পৌৰহিত্যত অনুষ্ঠিত হ'ব লগা মুকলি সভাখন উদ্বোধন কৰিব কাৰ্বি আংলং জিলাৰ স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালক ডাঃ বৰছিং বংপী, সন্থাৰ সাধাৰণ সম্পাদক ফকৰ উদ্দিন আহমেদে আদৰণি ভাষণ প্রদান কৰিবলগীয়া সভাত মূখ্য অতিথিৰ আসন অলংকৃত কৰিব অসম বিধান সভাৰ সন্মানীয় উপাধ্যক্ষ ডাঃ নোমল মোমিন জাঙৰীয়াই আৰু কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্য্যবাহী সদস্য ক্রমে সূৰ্য্য ৰংফাৰ আৰু মুকুট মহন্তই সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব।

বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব ৰাজ্যৰ স্বাস্থ্য সেৱা সঞ্চালক ডাঃ উমেশ ফাংচু আৰু অতিৰিক্ত সঞ্চালক ডাঃ (শ্রীমতী) কালো বংপীপী, ডিফু চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ অধ্যক্ষ ও মুখ্য অধীক্ষক ডাঃ সুমিত্রা হাগজেৰ আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ স্বাস্থ্য সেবাৰ যুটীয়া সঞ্চালক ডাঃ জগত টেবন, আৰু আমন্ত্রিত অতিথি হিচাপে উপস্থিত থাকিব বোকাজান মহকুমা চিকিৎসা ও স্বাস্থ্য বিষয়া ডাঃ দেৱৰাজ দেউৰী, কার্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ সম্পৰ্কৰক্ষী বিষয়া শ্রীমতী কাথি কাথাৰপী প্রমুখ্যে কেইবাগৰাকীও বিশিষ্ট অতিথি উপস্থিত থাকিব।

উক্ত মুকলি সভাত সন্থাৰ কেন্দ্রীয় কার্য্যকৰী কমিটিৰ প্রাক্তন সভাপতি শ্রীপদ্মেশ্বৰ শইকীয়া আৰু প্ৰাক্তন কায্যকৰী সভাপতি শ্রী বাজেন্দ্র কুমাৰ বড়াক সম্বন্ধনা জনোৱা হ'ব বুলি সন্থাৰ সাধাৰণ সম্পাদক ফকৰ উদ্দিন আহমেদে জানিবলৈ দিয়ে। ৰাজ্যখনৰ সকলো সতীর্থ মেডিকেল লেব'ৰেটৰী টেকনিচিয়ানক ৩৭ সংখ্যক প্রতিষ্ঠা দিৱসত উপস্থিত থাকি অনুষ্ঠানটি সফল কৰি তুলিবলৈ সদৌ অসম মেডিকেল লেবৰটৰী টেক্‌নিচিয়ান সন্থাৰ কাৰ্বি আংলং জিলা শাখাৰ সভাপতি হৰিশংকৰ চক্রবর্তী আৰু সম্পাদক সঞ্জীৱ ইংতি কাথাৰে আহ্বান জনায়।

সদৌ অসম মেডিকেল লেব’ৰেটৰী