/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/02/fc207d5b-36bc-45fe-8aeb-2bcc8f2e636a.jpg)
ডিজিটেল ডেস্কঃ অৱশেষত মঙলবাৰে ৰাজ্যসভাত উত্থাপন নহল জাতিধ্বংসী নাগৰিকত্ব বিধেয়ক। বিধেয়ক খনৰ বিৰোধিতাৰে বিগত প্ৰায় ৩ দিন ধৰি দিল্লীত বাহৰ পাতি আছে উত্তৰ-পূবৰ বহুকেইটা দল-সংগঠনৰ নেতৃত্ব। আছু, নেছকে ধৰি ৭০ সংগঠনৰ সংগঠনৰ নেতৃত্বই ইতিমধ্যে দেশৰ কেইবাটাও বিৰোধী ৰাজনৈতিক দলৰ সাংসদক সাক্ষাৎ কৰি বিধেয়ক খনৰ বিৰোধিতাৰে ৰাজ্যসভাত ভোট দিবলৈ আহ্বান জনাইছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/02/fc207d5b-36bc-45fe-8aeb-2bcc8f2e636a.jpg)
নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সমগ্ৰ উত্তৰ পূবত হোৱা প্ৰতিবাদৰ প্ৰতি কানসাৰ নিদি কেন্দ্ৰীয় তথা অসম চৰকাৰে এই বিধেয়কৰ পক্ষত থিয় দিছে যদিও এই বিধেয়কৰ তীব্ৰ বিৰোধিতা কৰি আহিছে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই। কিছুদিনৰ পূৰ্বে মুখ্যমন্ত্ৰী গৰাকীয়ে বিধেয়কখনৰ বিৰোধিতাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰীক সাক্ষাৎ কৰি বিজেপিৰ সৈতে মিত্ৰতা ভংগ কৰাৰো সকিয়নী প্ৰদান কৰিছিল।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/02/88579643-c568-4247-891c-ba9c756f5f80.jpg)
মঙলবাৰে ৰাজ্য সভাত বিধেয়ক উত্থাপনৰ সৈতে লক্ষ্য ৰাখি বিধেয়কৰ বিৰুদ্ধে দেশৰ বিৰোধী ৰাজনৈতিক সাংসদ সকলক ভোট প্ৰদান কৰাৰ আহ্বানেৰে দিল্লীত বাহৰ পাতি আছে মেঘালয়ৰ মুখ্যমন্ত্ৰীগৰাকী। মঙলবাৰে দিল্লীত বাহৰ পাতি থকা মেঘালয়ৰ মুখ্যমন্ত্ৰী গৰাকীক সাক্ষাৎ কৰে কৃষক নেতা অখিল গগৈ আৰু জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পলাশ চাইমায়ে। মুখ্যমন্ত্ৰী গৰাকীক সাক্ষাৎ কৰি বিধেয়কখন বিৰুদ্ধে তেও গ্ৰহণ কৰা স্থিতিক আদৰণি জনোৱাৰ লগতে অসমৰ সমূহ সংগ্ৰামী জনতাৰ হৈ ধন্যবাদ জ্ঞাপন কৰে। সমগ্ৰ উত্তৰ পূবৰ এই বিধেয়ক বিৰোধী আন্দোলনক কনৰাড চাংমাৰ স্থিতিয়ে অধিক শক্তিশালী কৰিছে বুলিও মন্তব্য কৰে নেতাদ্বয়ে। আনহাতে এই সাক্ষাতত নাগৰিকত্ব বিধেয়কৰ সন্দৰ্ভত আগন্তুক সময়ত তীব্ৰ বিৰোধিতা কৰাৰো আশ্বাস প্ৰদান কৰে মুখ্যমন্ত্ৰী কনৰাড চাংমাই।