ঝাৰখণ্ডৰ বিধায়ক ক্ৰয় কেলেংকাৰীৰ নতুন অধ্যায়ঃ গুৱাহাটীৰ ব্যৱসায়ী অশোক ধানুকাক বংগ আৰক্ষীৰ চমন

ঝাৰখণ্ডৰ বিধায়ক ক্ৰয় কেলেংকাৰীৰ নতুন অধ্যায়ঃ গুৱাহাটীৰ ব্যৱসায়ী অশোক ধানুকাক বংগ আৰক্ষীৰ চমন

author-image
asomiyapratidin
New Update
ঝাৰখণ্ডৰ বিধায়ক ক্ৰয় কেলেংকাৰীৰ নতুন অধ্যায়ঃ গুৱাহাটীৰ ব্যৱসায়ী অশোক ধানুকাক বংগ আৰক্ষীৰ চমন

ডিজিটেল ডেস্কঃ বহু চৰ্চিৰ ঝাৰখণ্ড বিধায়ক ক্ৰয় কেলংকাৰী সন্দৰ্ভত গুৱাহাটীলৈ অহা পশ্চিমবংগৰ চি আই ডিৰ দলে ফাচীবজাৰৰ গেলা পট্টিত থকা বিতৰ্কিত ব্যৱসায়ী অশোক ধানুকাৰ বাসভৱনত উপস্থিত হয় যদিও অসম আৰক্ষীৰ বাধাৰ বাবে দলটোৱে প্ৰৱেশ কৰিব নোৱাৰিলে। এনে অবাঞ্চিত পৰিস্থিতিৰ সন্মুখীন হৈ তদন্তকাৰী দলটো উভতি যাবলৈ বাধ্য হয় যদিও যোৱাৰ পূৰ্বে বংগ আৰক্ষীৰ ওচৰত হাজিৰ হোৱাৰ এক জাননী দেৱালত মাৰি থৈ যায়।

Advertisment

ইফালে এই সন্দৰ্ভত ৰাইজৰ দলে আজি অনুষ্ঠিত কৰা এক সংবাদ মেলত গেলা পট্টিস্থিত ধানুকা কম্প্লেক্স ব্লক এ', ৰুম নম্বৰ ২১১ ৰ পৰাই ঝাৰখণ্ডৰ বিধায়ক ক্ৰয়ৰ সমস্ত কাৰিক্ৰম পৰিচালনা হৈছিল বুলি সন্দেহ ব্যক্ত কৰে। দলটোৱে সংবাদ মেলত এই অভিযোগো কৰে যে, কোভিড কালত পি পি ই কীট আৰু চেনিটাইজাৰ ক্ৰয় কেলংকাৰীৰ উপৰিও বিভিন্ন সময়ত ভূমি ক্ৰয় কেলংকাৰীৰে জড়িত এই গৰাকী ব্যৱসায়ীৰ অসমৰ মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ সৈতে থকা সম্পৰ্কৰ বাবেই ব্যৱসায়ীগৰাকীক সুৰক্ষা দিয়াৰ চেষ্টা কৰা হৈছে বুলিও অভিযোগ কৰে।

আনকি তেওঁৰ সুৰক্ষাৰ স্বাৰ্থতে ৰাঁচী আৰু গুৱাহাটীত এই সন্দৰ্ভত ষড়যন্ত্ৰৰ অভিযোগ তুলি গোচৰ তৰাৰ সন্দেহো ব্যক্ত কৰিছে। ইফালে সংবাদ মেলত উপস্থিত থকা বিধায়ক অখিল গগৈয়ে ৩০ জুলাইৰ দিনত হাওৰা আৰক্ষীয়ে নগদ ৪৮ লাখ টকাসহ ঝাৰখণ্ডৰ ৩ বিধায়কক গ্ৰেপ্তাৰৰ পিছতে ঝাৰখণ্ডৰ কংগ্ৰেছী বিধায়ক জয় মংগল সিঙে ৰাজ্যখনৰ চৰকাৰ ভঙাৰ বাবে অসমৰ পৰা ষড়যন্ত্ৰ চলা বুলি অভিযোগ কৰা বুলি এজাহাৰ দাখিল কৰাৰ প্ৰসংগ উল্লেখ কৰে।

ৰাষ্ট্ৰীয় সংবাদ মাধ্যমতো প্ৰকাশিত এই খবৰ মতে মহেন্দ্ৰ আগৰৱালা নামৰ এজন ব্যৱসায়ীয়ে তেওঁলোকক এই ধন যোগান ধৰাৰ তথ্য চি আই ডিৰ তদন্তত পোহৰলৈ অহা বুলিও সংবাদ মেলখনত কোৱা হৈছে। ইয়াৰ উপৰিও বশিষ্ঠৰ ৰিয়েলটৰ্ছ প্ৰাইভেট লিমিটেড নামৰ ব্যৱসায়ীক সংস্থাটোৰ সঞ্চালক অশোক ধানুকাৰ বিৰুদ্ধে বহু অভিযোগ থকাৰ পিছতো আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰাৰ পৰিৱৰ্তে সুৰক্ষা দিয়াৰ চেষ্টা চলোৱাটো ৰহস্যজনক বুলি সংবাদ মেলখনত অভিযোগ কৰা হয়।