বিজেপি-আৰ এছ এছে চাহ শ্ৰমিকে সুৰা সেৱন কৰাটো বিচাৰেঃ অখিল গগৈ

প্ৰতীকি ফটো
প্ৰতীকি ফটো
  • শনিবাৰে এক সংবাদমেল সম্বোধন কৰে কৃষক নেতা অখিল গগৈয়ে।
  • সংবাদমেলত কৃষক নেতাগৰাকীয়ে কয়-
  • 'গোলাঘাটত বিষাক্ত সুৰা সেৱন কৰি ইমান কেইজন লোকৰ মৃত্যু হোৱা ঘটনা হৃদয়বিদাৰক আৰু দুখদায়ক।'
  • 'অসমৰ ইতিহাসত এইটো এনেধৰণৰ প্ৰথমটো মৰ্মান্তিক ঘটনা।'
  • 'অপৰাধজনিত ঘটনা এটা জাতিৰ প্ৰতি গভীৰ ষড়যন্ত্ৰ।'
  • 'এনে ঘটনা সংঘটিত হৈছে স্বাস্থ্য আৰু আবকাৰী বিভাগৰ ছিণ্ডিকেটৰ বাবে।'
  • এই মন্তব্য কৰে কৃষক নেতাগৰাকীয়ে।
  • সুভাষ সাহাই আৰু লালচৰণ আগৰৱালা নামৰ ব্যক্তি দুজনে লালীগুড়ৰ ছিণ্ডিকেট চলোৱাৰ অভিযোগ।
  • সুৰা বিজেপিৰ উপাৰ্জনৰ ডাঙৰ উৎস বুলিও মন্তব্য অখিল গগৈৰ।
  • লগতে কৃষক নেতাগৰাকীয়ে অভিযোগ উত্থাপন কৰি কয়-
  • '১০০জন মানুহ মৰাৰ পিছতো চৰকাৰে ব্যৱস্থা লোৱা নাই।'
  • 'মদমুক্ত অসম গঢ়াৰ বাবে দাবী নজনোৱাটো অতি দুৰ্ভাগ্যজনক।'
  • 'বিজেপি-আৰ এছ এছে বাগানৰ শ্ৰমিকে সুৰা সেৱন কৰাটো বিচাৰে।'
  • 'ভোট বেংক হিচাপে বাগানৰ লোকক ব্যৱহাৰ কৰিছে বিজেপিয়ে।'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in