অখিল গগৈ শিৱসাগৰত আৰু ক’ত ক’ত ৰাইজৰ দলৰ প্ৰাৰ্থী…

অখিল গগৈ শিৱসাগৰত আৰু ক’ত ক’ত ৰাইজৰ দলৰ প্ৰাৰ্থী…

author-image
asomiyapratidin
New Update
অখিল গগৈ শিৱসাগৰত আৰু ক’ত ক’ত ৰাইজৰ দলৰ প্ৰাৰ্থী…

ডিজিটেল ডেস্ক : সোমবাৰে সন্ধিয়ালৈ চূড়ান্ত হ'ব ৰাইজৰ দলৰ পৰা আগন্তুক নিৰ্বাচনত প্ৰতিন্দন্দ্বিতা কৰিবলগীয়া প্ৰাৰ্থীৰ প্ৰথমখন তালিকা । সন্ধিয়া জিএমচিএইচত চিকিৎসাধীন হৈ থকা ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ সৈতে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈৰ বৈঠকৰ পিছতে এই তালিকাত ছীল মোহৰ পৰিব ।

Advertisment

'অসমীয়া প্ৰতিদিন'ৰ হাতত আহি পৰা তথ্য অনুসৰি প্ৰায় ১০০ ৰো অধিকে প্ৰাৰ্থিত্ব বিচাৰি আবেদন জনাইছে । সেই অনুসৰি ৰাইজৰ দলৰ নেতৃত্বইও এখন প্ৰাৰ্থী তালিকা প্ৰস্তুত কৰিছে । সেই অনুসৰি কমলপুৰত জিতুল ডেকা, শিবসাগৰত অখিল গগৈ, ভবানীপুৰত জেৰিফা ৱাহিদ, পূৱ গোৱালপাৰাত আমিনুল ইছলাম, টীয়কত পবিন্দ্ৰ চেতিয়া ফুকন প্ৰাৰ্থিত্বৰ দৌৰত আগত আছে।

ইফালে গোলাঘাটত বিদ্যুৎ শইকীয়া, ৰহাত ৰুবুল দাস,ৰঙিয়াত হৰেশ্বৰ বৰ্মন, চেঙাত হুচেইন শ্বাহজাহান, জনিয়াত আশ্ৰাফুল হুচেইন, মাহমৰাত লোহিত গগৈক প্ৰাৰ্থিত্ব পোৱাৰ সম্ভাৱনা আছে । আনহাতে ঢকুৱাখনা সমষ্টিতো ৰাইজৰ দলে এগৰাকী শক্তিশালী প্ৰাৰ্থীক প্ৰক্ষেপ কৰাৰ তৎপৰতা অব্যাহত ৰাখিছে । সৰক্ষেত্ৰী সমষ্টিটো ৰাইজৰ দলে প্ৰক্ষেপ কৰিব পাৰে প্ৰাৰ্থী ।