প্ৰতিদিন সংবাদ,নামৰূপ: দাম বৃদ্ধিৰ নিয়ন্ত্ৰণত ব্যৰ্থ চৰকাৰৰ বিৰুদ্ধে গৰজি উঠিছে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ।। পেট্ৰ'ল- ডিজেল, ৰন্ধন গেছ, খাদ্যসামগ্ৰী , ঔষধ, নিৰ্মাণ সামগ্ৰীকে আদি কৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী দাম বৃদ্ধি নিয়ন্ত্ৰণত ব্যৰ্থতাৰ প্ৰতিবাদত অসম চৰকাৰৰ যোগান মন্ত্ৰীৰ ৰঞ্জিত দাসৰ প্ৰতিমূৰ্ত্তি দাহ কৰে
অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ নাহৰকটীয়া আঞ্চলিক সমিতিয়ে৷
কোভিডে আৰ্থিকভাৱে কোঙাকৰা পাছতো সৰ্বসাধাৰণ ৰাইজক কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে দাম বৃদ্ধি ৰোধ কৰিব নোৱৰাটো চৰকাৰৰ চূড়ান্ত ব্যৰ্থতা বুলি চৰকাৰক কটাক্ষ কৰে প্ৰতিবাদকাৰী সকলে।
এই অভাৱনীয় মূল্য বৃদ্ধিয়ে সাধাৰণ ৰাইজক অতিকৈ ব্যতিব্যস্ত কৰি তোলাৰ বাবে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক ধিক্কাৰ জনাই দাম বৃদ্ধি ৰোধ কৰক ; অসম চৰকাৰ হায় ;হায় ; যোগান মন্ত্ৰী হায় হায় , ইন্ধনজাত সামগ্ৰী মূল্য বৃদ্ধি ৰোধ কৰক আদি শ্লোগানেৰে নাহৰকটীয়া ৰেল গেটতৰ ৰাজপথ উত্তাল কৰে প্ৰতিবাদী সকলে।
পৰিষদৰ ডিব্ৰুগড়ৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক গৌৰাঙ্গ গগৈকে ধৰি প্ৰায় শতাধিক সদস্যই এই কাৰ্যসূচীত
অংশগ্ৰহণ কৰে ।