ৰহাৰ আৰ্তজনৰ কাষত আজমল ফাউণ্ডেচনঃ ৩০০ টা দৰিদ্ৰ পৰিয়ালক বিতৰণ খাদ্য সামগ্ৰী…

ৰহাৰ আৰ্তজনৰ কাষত আজমল ফাউণ্ডেচনঃ ৩০০ টা দৰিদ্ৰ পৰিয়ালক বিতৰণ খাদ্য সামগ্ৰী…

author-image
asomiyapratidin
New Update
ৰহাৰ আৰ্তজনৰ কাষত আজমল ফাউণ্ডেচনঃ ৩০০ টা দৰিদ্ৰ পৰিয়ালক বিতৰণ খাদ্য সামগ্ৰী…

ডিজিটেল সংবাদ, ৰহাঃ লক ডাউনৰ বাবে গৃহবন্দী হৈ থকা দৰিদ্ৰ লোকসকলক সহায়ৰ হাত আগবঢ়াই আহিছে আজমল ফাউণ্ডেচনে৷ ইতিমধ্যে ৪০ হাজাৰ পৰিয়ালক আজমল ফাউণ্ডেচনে বিতৰন কৰিছে খাদ্য সামগ্ৰী৷ নগাঁও জিলা প্ৰশাসনৰ অনুৰোধ মৰ্মে ৰহা সমষ্টিৰ দীঘলদৰি,দূৰ্গাজান,মুদৈগাও জাকৰুৱা আদি গাঁওসমূহত আজমল ফাউণ্ডেচনে চাউল, দালি,আলু, পিয়াজ,মিঠাতেল, বিস্কুট আদি খাদ্য সামগ্ৰী বিতৰণ কৰে৷

Advertisment

ৰহা ৰাজহ চক্ৰ বিষয়া প্ৰিয়ংকা বনিয়াৰ উপস্থিতিত প্ৰায় ৩০০ ঘৰ দৰিদ্ৰ পৰিয়ালক খাদ্য সামগ্ৰীবোৰ বিতৰন কৰা হয়৷ খাদ্য সামগ্ৰী বিতৰণী অনুষ্ঠানত আজমল ফাউণ্ডেচনৰ প্ৰৱন্ধক ড° এম আৰ এইচ আজাদ, আজমল গ্ৰুপ অৱ কলেজৰ শৈক্ষিক ডিৰেক্টৰ অৱসৰপ্ৰাপ্ত কৰ্ণেল চামিৰ কাঞ্জিলাল উপস্থিত থাকে৷

লক ডাউনৰ বাবে নিজ গৃহত যাব নোৱাৰি ৰহাত আৱদ্ধ হৈ থকা অন্যান্য জিলাৰ বহু লোককো খাদ্য সামগ্ৰী বিতৰণ কৰে আজমল ফাউণ্ডেচনে৷ খাদ্য সামগ্ৰী লাভ কৰি দৰিদ্ৰ পৰিয়ালসমূহে আজমল ফাউণ্ডেচনৰ মুখ্য ন্যাসৰক্ষী মৌলানা বদৰুদ্দিন আজমল, সিৰাজুদ্দিন আজমলৰ লগতে আজমল পৰিয়াল আৰু আজমল ফাউণ্ডেচনক ধন্যবাদ জ্ঞাপন কৰে।