মহাজোঁটক ধ্বংস কৰাৰ চেষ্টা কৰিছে অখিল গগৈয়েঃ আমিনুল ইছলাম

মহাজোঁটক ধ্বংস কৰাৰ চেষ্টা কৰিছে অখিল গগৈয়েঃ আমিনুল ইছলাম

author-image
asomiyapratidin
New Update
মহাজোঁটক ধ্বংস কৰাৰ চেষ্টা কৰিছে অখিল গগৈয়েঃ আমিনুল ইছলাম

ডিজিটেল সংবাদ ধুবুৰীঃ কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ মহাজোট গোট বন্ধন সন্দৰ্ভত এ আই ইউ ডি এফৰ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক, প্ৰবক্তা তথা মানকাচৰ সমষ্টিৰ বিধায়ক আমিনুল ইছলামে কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে। সোমবাৰে ধুবুৰী আৱৰ্ত ভৱনত সাংবাদিকৰে হোৱ এক সাক্ষাৎকাৰত বিধায়ক গৰাকীয়ে কয় যে, কংগ্ৰেছে মহাজোট সন্দৰ্ভত এখন বৈঠক অনুষ্ঠিত কৰিব।

Advertisment

ইয়াৰ উপৰিও তেওঁ কয়, কংগ্ৰেছৰ লগত মহাজোট কৰাৰ মূল উদ্দেশ্যে আছিল একমাত্ৰ বিজেপি দলটোক প্ৰতিহত কৰা । কিন্তু কংগ্ৰেছৰ একাংশ নেতাই মহাজোট বন্ধন নালাগে নালাগে বুলি উল্লেখ কৰাৰ লগতে এ আই ইউ ডিএফ দলৰ সৈতে মহাজোটৰ ধৰ্ম খৰ্ব কৰিছে।

ইপিনে, অখিল গগৈ সন্দৰ্ভত তেওঁ কয় যে, এই মুহূৰ্তত অখিল গগৈয়ে যিধৰনে বক্তব্য প্ৰদান কৰি আছে তাতে আমাৰ সন্দেহ হৈছে যে অখিল গগৈয়ে বিজেপিৰ হৈ পোষ্ট কৰি বিভিন্ন ধৰনে মহাজোট বন্ধোনটোক থানবান কৰাৰ প্ৰয়াস চলাইছে৷ ইফালে মহাজোঁটবন্ধনৰ অন্তৰ্গত এ আই ইউ ডি এফ দলে কংগ্ৰেছক ধ্বংস কৰিছে বুলি একাংশ কংগ্ৰছী নেতাৰ বক্তব্যক কতাক্ষ কৰি বিধায়ক গৰাকীয়ে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য দাঙি ধৰে ৷