ফল, ফুল, শাক-পাচলিৰ পৰা ফাকুৱা তৈয়াৰঃ জৈৱিক ফাকুৱা উদযাপনৰ বাবে আহ্বান..

ফল, ফুল, শাক-পাচলিৰ পৰা ফাকুৱা তৈয়াৰঃ জৈৱিক ফাকুৱা উদযাপনৰ বাবে আহ্বান..

author-image
asomiyapratidin
New Update
ফল, ফুল, শাক-পাচলিৰ পৰা ফাকুৱা তৈয়াৰঃ জৈৱিক ফাকুৱা উদযাপনৰ বাবে আহ্বান..

ডিজিটেল ডেস্কঃ সমাগত ৰঙৰ উৎসৱ ফাকুৱা। এই উৎসৱ পালন কৰিবলৈ বজাৰত ভিৰ কৰিছেহি বিভিন্ন ৰাসায়নিক দ্ৰব্য সম্বলিত বিভিন্ন প্ৰকাৰ ৰং। বিভিন্ন সমীক্ষাই কৈ আহিছে এই ৰং সমূহ যি ৭০ শতাংশ ৰাসায়নিক দ্ৰব্য আৰু প্ৰক্ৰিয়াৰ দ্বাৰা প্ৰস্তুত কৰি তোলা হয়, ই স্বাস্থ্য তথা চালৰ বাবে হানিকাৰক।

Advertisment

এই অসুবিধাৰ প্ৰতি লক্ষ্য কৰি অসমৰে এক অগ্ৰণী স্বেস্বাসেৱীসংস্থা উত্তৰ লখিমপুৰৰ AINA Welfare Foundation এ কাৰ্যবাহী সঞ্চালক কৃষ্ণপ্ৰতিম বৰদলৈৰ তত্বাৱধানত গৱেষণাৰ জৰিয়তে জৈৱিক তথা থলুৱা ভাৱে অতি কম খৰছতে ঘৰতেই বিভিন্ন  ধৰণৰ আবিৰ কেনেকৈ প্ৰস্তুত কৰিব পাৰি আৰু ব্যৱহাৰ কৰিব পাৰি সেই বিষয়ে ৰাইজক সজাগ তথা প্ৰশিক্ষিত কৰি আহিছে।

এই সংস্থাটোৱে ফুল, ফল, শাক-পাচলি আদিৰ জৰিয়তে ৰঙ কেনকৈ প্ৰস্তুত কৰিব পাৰি আৰু ইয়াৰ দ্বাৰা ব্যৱসায়িক লাভালাভ অৰ্জন কৰিব পাৰি সেই বিষয়ে যোৱা দুবছৰে অসমৰ বিভিন্ন অঞ্চলৰ ৰাইজৰ ঘৰে ঘৰে প্ৰশিক্ষণ দি আহিছে।

জৈৱিক ফাকুৱা আবিৰ…

উল্লেখযোগ্য যে, বৰ্তমানলৈকে প্ৰায় ৭৫০ জন শিক্ষাৰ্থীয়েও এই জৈৱিক ৰং প্ৰস্তুত কৰণৰ প্ৰশিক্ষণ লবলৈ সক্ষম হৈছে। যোৱা ২ বছৰ দৰে এইবাৰো আইনা ৱেল ফেয়াৰ ফাউণ্ডেশ্যনে দ্যা চ্যাই কমিউনিটিৰ সহযোগত জৈৱিক ভাৱে ফাকুৱা উদযাপনৰ প্ৰস্তুতি তথা সজাগতা গঢ়ি তুলিছে। এই ক্ষেত্ৰত লখিমপুৰ চৰ্ম ৰোগ বিশেষজ্ঞ ডাঃ কল্যাণ নাথেও সহায় আগবঢ়াইছে। সঞ্চালক গৰাকীয়ে জানিবলৈ দিয়া মতে অনাগত ৫ বছৰৰ ভিতৰত অসমৰ প্ৰতিজন ব্যক্তিক জৈৱিক ফাকুৱা ব্যৱহাৰৰ উপকাৰিতা সম্বন্ধে সজাগ কৰি তোলাৰ লগতে ৰাজ্যৰ অৰ্থনীতিৰ স্থিতি সৱল কৰি তোলাটোৱেই আইনাৰ একমাত্ৰ লক্ষ্য আৰু উদ্দেশ্য।