জলপথৰ বাণিজ্যৰে ভাৰত-ভূটানৰ অর্থনৈতিক বিকাশ ত্বৰান্বিত কৰাৰ লক্ষ্যঃ দুই দেশৰ মন্ত্ৰীৰ বৈঠক…

জলপথৰ বাণিজ্যৰে ভাৰত-ভূটানৰ অর্থনৈতিক বিকাশ ত্বৰান্বিত কৰাৰ লক্ষ্যঃ দুই দেশৰ মন্ত্ৰীৰ বৈঠক…

author-image
asomiyapratidin
New Update
জলপথৰ বাণিজ্যৰে  ভাৰত-ভূটানৰ অর্থনৈতিক বিকাশ ত্বৰান্বিত কৰাৰ লক্ষ্যঃ দুই দেশৰ মন্ত্ৰীৰ বৈঠক…

ডিজিটেল সংবাদ ডিব্ৰুগড়ঃ জলপথৰ পাৰস্পৰিক বিকাশ আৰু সহযোগিতাৰ যোগেদি ভাৰত ভূটানৰ বন্ধুত্বপূর্ণ সম্পৰ্কক অধিক শক্তিশালী কৰাত গুৰুত্ব দিছে কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুষ মন্ত্রী সর্বানন্দ সোণোৱালে। সোমবাৰৰপৰা ডিব্ৰুগড়ত দুদিনীয়াকৈ অনুষ্ঠিত জলপথ সন্মিলন ২০২২ ত এই উদ্দেশ্যে ভাৰত চৰকাৰৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল প্ৰমুখ্যে উচ্চপদস্থ বিষয়াবৰ্গ আৰু ভূটানৰ অৰ্থনৈতিক পৰিক্ৰমা মন্ত্রী লিয়' নপ' লোকনাথ শৰ্মাৰ নেতৃত্বত অহা প্ৰতিনিধিবৰ্গৰ মাজত এক সৌহার্দপূর্ণ বৈঠক অনুষ্ঠিত হয়।

Advertisment

বৈঠকত ধুবুৰী আৰু যোগীঘোপাৰপৰা ৰাষ্ট্ৰীয় জলপথ-২ অর্থাৎ ব্রহ্মপুত্ৰয়েদি বেপাৰ-বাণিজ্য, আমদানি-ৰপ্তানি আদি ত্বৰান্বিতকৰণৰ জৰিয়তে ভাৰত-ভূটানৰ দ্বি-পাক্ষিক সম্পর্কক এক নতুন গতিশীলতা প্ৰদানৰ সিদ্ধান্ত লোৱা হয়। কেন্দ্ৰীয় চৰকাৰে বিকাশৰ যোগেদি অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বিকাশৰ গতি ত্বৰান্বিত কৰাৰ হেতুকে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ বিষয়ে ভূটানৰ প্ৰতিনিধিবর্গক সোণোৱালে অৱগত কৰে।

পাণ্ডুত এটা নতুন জাহাজ মেৰামতি কেন্দ্ৰ নিৰ্মাণৰ যো-জা চলোৱা সন্দৰ্ভতো সোণোৱালে আলোকপাত কৰে। তেওঁ কয় যে, "ভূটানৰ ভালেকেইখন নদী ব্ৰহ্মপুত্ৰৰ সৈতে সংলগ্ন। ভাৰত-ভূটানৰ এই যুগ যুগৰ জলপথৰ সম্পৰ্কই দুয়োখন দেশৰ ঐতিহ্য আৰু সুযোগ-সম্ভাৱনাৰ চানেকি বহন কৰি আহিছে। সেয়েহে দুয়োখন দেশৰসৰ্বাংগীণ আৰু পাৰস্পৰিক উন্নয়নৰ স্বাৰ্থত মাননীয় প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ভিজনক সাৰোগত কৰি জলসম্পদৰ সুব্যৱহাৰেৰে অৰ্থনৈতিক বিকাশৰ গতি ত্বৰান্বিত কৰাত আমি গুৰুত্ব আৰোপ কৰিছোঁ৷ ইতিমধ্যে যোগীঘোপাত জল পৰিবহণৰ আন্তঃগাঁথনি উন্নীতকৰণৰ কাম ক্ষিপ্ৰতাৰে আগুৱাই গৈছে। এই সকলো দিশত গুৰুত্ব প্রদানেৰে ভাৰত চৰকাৰৰ তৰফৰপৰা ভূটানক যাৱতীয় সকলো সহায়-সহযোগিতা আগবঢ়োৱা হ'ব৷"

দক্ষিণ-পূব এছিয়াৰ দুৱাৰমুখৰূপে ক্ৰমাৎ উজলি উঠা অসমৰ- নদী আৰু বন্দৰ আন্তঃগাঁথনিৰ উন্নীতকৰণৰ জৰিয়তে ওচৰ-চুবুৰীয়া দেশসমূহৰ সৈতে বাণিজ্যিক সম্পর্ক উন্নীত কৰাটো এক্ট ইষ্ট নীতিৰেই এক সফল প্ৰতিচ্ছবি। এই অবিৰত যাত্ৰাক অধিক শক্তিশালী ৰূপ দিয়াৰ বাবে দুয়োখন দেশে সৌহার্দপূৰ্ণ আৰু বন্ধুত্বপূৰ্ণভাৱে কাম কৰিব লাগিব বুলি সোণোৱালে উল্লেখ কৰে৷