ৰাজ্যিক মানৱ অধিকাৰ আয়োগৰ নিজাববীয়াকৈ কেইবাটাও বিষয়ত গোচৰ ৰুজু

ৰাজ্যিক মানৱ অধিকাৰ আয়োগে নিজাববীয়াকৈ ৰুজু কৰে কেইবাটাও গোচৰ। কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে আয়োগে।

author-image
Asomiya Pratidin
New Update
ৰাজ্যিক মানৱ অধিকাৰ আয়োগৰ  নিজাববীয়াকৈ কেইবাটাও বিষয়ত গোচৰ ৰুজু

ডিজিটেল ডেস্কঃ ৰাজ্যিক মানৱ অধিকাৰ আয়োগে নিজাববীয়াকৈ ৰুজু কৰে কেইবাটাও গোচৰ। কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে আয়োগে।

আয়োগৰ নৱ-নিৰ্বাচিত সদস্য শান্তনু ভৰালীৰ নেতৃত্বত আয়োগে ৰাইজৰ দ্বাৰা উত্থাপিত সমস্যাবোৰ সমাধান কৰিবলৈ সংকল্পবদ্ধ। আয়োগে ৰুজু কৰা গোচৰ সমূহৰ ভিতৰত আছে তৃতীয় লিংগৰ ব্যক্তিৰ দ্বাৰা সাধাৰণ ৰাইজক কৰা হাৰাশাস্তি।

সংবাদ মাধ্যম, ছ'চিয়েল মিডিয়াত প্ৰকাশিত বহুতে তৃতীয় লিংগৰ একাংশৰ ওপৰত অভিযোগ উত্থাপন কৰি আহিছে। অভিযোগ অনুসৰি তৃতীয় লিংগৰ একাংশই ধন দাবী কৰি জনতাক হাৰাশাস্তি কৰে।

ইয়াৰোপৰি শেহতীয়াকৈ ২১ এপ্ৰিলত গণেশগুৰিৰ এপলো হস্পাতালৰা ওচৰত এগৰাকী যুৱতীক আক্ৰমণ কৰা হৈছিল। এই সন্দৰ্ভত আয়োগে ঘটনা সন্দৰ্ভত অসম আৰক্ষী আৰু কাৰাগাৰ কৰ্তৃপক্ষক বিষয়টোৰ ওপৰত এক বিতং প্ৰতিবেদন দাখিল কৰিবলৈ আহ্বান জনাইছে।

নাৰেংগীৰ অইলৰ চৌহদত দুই কৰ্মচাৰীৰ মৃত্যু সন্দৰ্ভত গোচৰ ৰুজু কৰিছে আয়োগে।লগতে অক্সিজেনৰ অভাৱৰ বাবে নলবাৰী চিকিৎসা মহাবিদ্যালয়ত এগৰাকী মহিলাৰ মৃত্যু সন্দৰ্ভতো আয়োগে গোচৰ ৰুজু কৰিছে।

খানাপাৰাৰ গণেশ মন্দিৰ উচ্চ বিদ্যালয়ত কেইবাজনো শিক্ষাৰ্থীৰ অসুস্থতাৰ ওপৰত উদ্বেগ প্ৰকাশ কৰিছে আয়োগে। আয়োগে ৰোগৰ কাৰণ পুংখানুপুংখভাৱে অনুসন্ধান কৰিব বিচাৰে আৰু উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰাটো নিশ্চিত কৰিব বিচাৰে।

আয়োগে যোৱা সপ্তাহৰ পৰা নিজাববীয়াকৈ প্ৰায় ৪০ টাকৈ গোচৰ ৰুজু কৰিছে। ইয়াৰোপৰি আৰপ আয়োগে বিভিন্ন সমস্যাৰ ওপৰত মত প্ৰকাশ কৰিছে।

Also Read: পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ বাসগৃহ ঘেৰাও আৰক্ষীৰ, লুকাই আছে ৪০ জন উগ্ৰপন্থী...

AHRC