আমবাৰীস্থিত মুখ্য কাৰ্যালয়ত মুকলি অসম গণ পৰিষদৰ নিৰ্বাচনী ইস্তাহাৰ…

আমবাৰীস্থিত মুখ্য কাৰ্যালয়ত মুকলি অসম গণ পৰিষদৰ নিৰ্বাচনী ইস্তাহাৰ…

author-image
asomiyapratidin
New Update
আমবাৰীস্থিত মুখ্য কাৰ্যালয়ত মুকলি অসম গণ পৰিষদৰ নিৰ্বাচনী ইস্তাহাৰ…

ডিজিটেল ডেস্কঃ প্ৰথম পৰ্যায়ৰ বিধানসভা নিৰ্বাচনলৈ মাজত আৰু দুটা দিন বাকী। বুধবাৰে অসম গণ পৰিষদে মুকলি কৰিলে নিৰ্বাচনী ইস্তাহাৰ। নিবনুৱা সমস্যা সমাধান, অৰ্থনৈতিক উন্নয়ন, কৃষি উন্নয়ন, অসম চুক্তি ৰূপায়নৰ প্ৰতিশ্ৰুতিৰে অগপই মুকলি কৰে এই নিৰ্বাচনী ইস্তাহাৰখন। লক্ষণীয় যে, বিজেপিৰ মিত্ৰজোঁটত থকা অগপই দলটোৰ ইস্তাহাৰত উল্লেখ কৰা নাই নাগৰিকত্ব সংশোধনী আইন অৰ্থাৎ 'কা'ৰ বিষয়ে।

Advertisment

আমবাৰীস্থিত অসম গণ পৰিষদৰ মুখ্য কাৰ্যালয়ত দলটোৰ শীৰ্ষ নেতৃত্বই বুধবাৰে মুকলি কৰে নিৰ্বাচনী ইস্তাহাৰ। ইস্তাহাৰ মুকলি অনুষ্ঠানত উপস্থিত থাকে সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য , কুমাৰ দীপক দাস, মনোজ শইকীয়াকে ধৰি কেইবাজনো নেতা।

অসম গণ পৰিষদে লগতে আমাৰ পথাৰ আমাৰ বজাৰ, পৰিৱেশ সংৰক্ষণ, অনুসূচীত জাতি, অনুসূচীত জনজাতি, অন্যান্য পিছপৰা শ্ৰেণী আৰু খিলঞ্জীয়া মুছলমানৰ বাবে বিশেষ আঁচনি, অৰ্থনৈতিকভাৱে পিছপৰা শ্ৰেণীৰ উন্নয়ন, চাহ জনগোষ্ঠীৰ বাবে কাৰ্যসূচী, চৰ এলেকাৰ সংখ্যালঘু সম্প্ৰদায়ৰ উন্নয়ন, শিশু আৰু মহিলাৰ বাবে বিশেষ আঁচনি, জ্যেষ্ঠ নাগৰিক আৰু বিশেষভাৱে সক্ষম লোকৰ বাবে আঁচনি, ছাত্ৰ আৰু যুৱ কল্যাণ, ক্ৰীড়া আৰু সাংস্কৃতিক কাৰ্যসূচী, উদ্যোগ আৰু যাতায়ত, বানপানী নিয়ন্ত্ৰণ আদি প্ৰতিশ্ৰুতিৰ কথা উল্লেখ কৰে এই ইস্তাহাৰত।