অগপ-বিজেপিয়ে একেলগে নেখেলে পঞ্চায়ত নিৰ্বাচন, আনুষ্ঠানিকভাৱে ঘোষণা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

অগপ-বিজেপিয়ে একেলগে নেখেলে পঞ্চায়ত নিৰ্বাচন, আনুষ্ঠানিকভাৱে ঘোষণা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

author-image
asomiyapratidin
New Update
অগপ-বিজেপিয়ে একেলগে নেখেলে পঞ্চায়ত নিৰ্বাচন, আনুষ্ঠানিকভাৱে ঘোষণা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

ডিজিটেল ডেস্কঃ সকলো জল্পনা-কল্পনা অন্ত পেলাই অৱশেষত পঞ্চায়ত নিৰ্বাচন অগপ আৰু বিজেপিয়ে পৃথকে পৃথকে খেলাৰ কৌশলপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিলে। মুখ্যমন্ত্ৰীৰ বাসভৱনত অনুষ্ঠিত এক বৈঠকৰ অন্তত এই কথা ঘোষণা কৰিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সংবাদমাধ্যমৰ আগত মন্ত্ৰী শৰ্মাই কয়- 'বহু চেষ্টা কৰি চাইছিলো যদিও, তলৰ পৰ্যায়ৰ নেতা-কৰ্মীসকলৰ ইচ্ছাৰ প্ৰতি সন্মান জনাই বিজেপি-অগপই পৃথকে পৃথকে পঞ্চায়ত নিৰ্বাচন খেলিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিলে। অৱশ্যে তেওঁ চৰকাৰত দুই দলৰে মিত্ৰতা অক্ষুণ্ণ থাকিব বুলি ঘোষণা কৰে।

Advertisment

আনহাতে, পঞ্চায়ত নিৰ্বাচনত গণশক্তিয়ে বিজেপিৰ প্ৰতীক চিহ্নত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ লগতে ৰাভা হাছং স্বায়ত্ত শাসিত দাবী পৰিষদেও নিৰ্বাচনত সমৰ্থন জনাব বিজেপিক। তাৰ লগতে তিৱা ঐক্য মঞ্চই সমৰ্থন আগবঢ়াইছে বিজেপিলৈ। নাগৰিকত্ব বিধেয়কক কেন্দ্ৰ কৰি বিজেপি দল আৰু চৰকাৰৰ ভূমিকাক লৈ গ্ৰামাঞ্চলত যথেষ্ট ক্ষোভৰ সৃষ্টি হৈছে।

সেই ক্ষোভৰ ফলত এইবাৰ নিৰ্বাচনত বিজেপিয়ে যথেষ্ট ভোট হেৰুওৱাৰ সম্ভাৱনাও নথকা নহয়। অগপ-বিজেপিৰ মিত্ৰতা থাকিলে সেই ভোট কংগ্ৰেছৰ পক্ষলৈ যোৱাৰ সম্ভাৱনা আছিল যদিও, বিজেপিৰ সৈতে মিত্ৰতা ভংগ কৰি অগপই সেই ভোট নিজৰ হাতত ৰখাৰ বাবেই চৰকাৰত বিজেপিৰে মিত্ৰতা থাকিলেও জিলা পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনত সেই মিত্ৰতা নহ'ব বুলি ইতিমধ্যে ইংগিত দিছিল অগপ নেতৃত্বই।

সোমবাৰে সংবাদমাধ্যমৰ আগত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জানিবলৈ দিয়ে যে আজিৰ নিশাৰ ভিতৰতে চূড়ান্ত হ'ব বিজেপিৰ প্ৰাৰ্থীৰ তালিকা। দুই দলৰ নেতৃত্বই তেওঁলোকৰ তৃণমূল পৰ্যায়ৰ নেতা-কৰ্মীয়ে নিবিচৰাৰ বাবেই পঞ্চায়ত নিৰ্বাচনত তেওঁলোকে একেলগে নেখেলাৰ সিদ্ধান্ত লয়। সেই কথা আনুষ্ঠিকভাৱে ঘোষণা কৰি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়- পঞ্চায়ত নিৰ্বাচনতো দলটোৱে বিধানসভা নিৰ্বাচনৰ দৰে ভাল ফলাফল লাভ কৰিব।