/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/12/afspa-babay-boko-tererrere-AP-FOR-WEB-new-format-copy.jpg)
ডিজিটেল সংবাদ, ৱাখাঃ ৪ ডিচেম্বৰৰ নাগালেণ্ডৰ অটিঙত ১৪ গৰাকীকৈ নিৰীহ নাগৰিকৰক সেনাৰ গণহত্যাৰ বিৰুদ্ধে ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদ অব্যাহত থকাৰ মাজতে সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন আফস্পা বাতিলৰ প্ৰস্তাব অনুমোদনৰ জনোৱা উদ্দেশ্য অহা ২০ ডিচেম্বৰত নাগালেণ্ড বিধানসভাৰ বিশেষ অধিবেশন আহ্বান কৰা হৈছে । শুকুৰবাৰে এই কথা প্ৰকাশ কৰিছে নাগালেণ্ডৰ চৰকাৰৰ পৰিকল্পনা মন্ত্ৰী তথা মুখপাত্ৰ নেক্ৰুনুৱে । মন্ত্ৰী ক্ৰুনুৱে কয় যে ৪ ডিচেম্বৰ অটিঙৰ সেনাৰ গণহত্যাৰ পিছত নাগালেণ্ডৰ পৰা মানৱাধিকাৰ উলংঘাকাৰী ১৯৫৮ চনৰ আফস্পা আইন বাতিল কৰাৰ বাবে প্ৰস্তাব গ্ৰহণ কৰিবলৈ অহা ২০ ডিচেম্বৰত নাগালেণ্ড বিধানসভাৰ বিশেষ অধিবেশন আহবান কৰা হৈছে ।
বিধানসভাৰ এই বিশেষ অধিবেশনত আফস্পা আইনৰ বাতিলৰ বাবে চৰকাৰে প্ৰস্তাব পাছ কৰিব । ইফালে, নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিউ ৰিঅৱে কৈছে যে- ৪ ডিচেম্বৰৰ অটিঙৰ দুৰ্ভাগ্যজনক ঘটনাই আফস্পা আইনৰ অপব্যৱহাৰৰ কথা প্ৰমাণ কৰিছে । ৰিঅ'ৱে কয় যে- আফস্পা আইন ঔপনিবেশিক আৰু মানৱাধিকাৰ উলংঘাকাৰী। গতিকে নাগালেণ্ডৰ পৰা এই আইন বাতিল কৰাৰ সময় আহি পৰিছে ।
নেইফিউ ৰিঅ'ৱে কয়- কন্যাক লোক সকলে অহিংসাৰে হিংসাক পৰাজিত কৰিব লাগিব । নাগালেণ্ডৰ আটাইতকৈ ডাঙৰ নগা জনগোষ্ঠীৰ হিচাপে কন্যাকসকলে বিশ্ববাসীক দেখুৱাব লাগিব তেওঁলোকৰ হৃদয় কিমান বিশাল । আমি আফস্পা বাতিল কৰি প্ৰমাণ কৰিব লাগিব আমাৰ একতা। অৱশ্যে মুখ্যমন্ত্ৰী নেইফিউ ৰিঅৱে সকলো নগাক হিংসা পৰিহাৰ কৰিবলৈ আহ্বান জনায় ।
ইফালে, নাগা ষ্টুডেণ্ট ফেডাৰেচনে আজি কহিমাৰ ৰাজভৱনৰ সন্মুখত আফস্পা আইনৰ বাতিলৰ ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে । নাগা ষ্টুডেণ্ট ফেডাৰেচনে শীঘ্ৰেই নাগালেণ্ডৰ পৰা আফস্পা আইন বাতিল কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক দাবী জনায় । ৪ ডিচেম্বৰ অটিঙৰ সেনাৰ গণহত্যাৰ বিৰুদ্ধে থাইলেণ্ড আৰু দক্ষিণ কোৰিয়া থকা নগাসকলে প্ৰতিবাদ জনায় ।