/asomiyapratidin/media/media_files/2025/02/11/y1hjVXVxPlRjeD5Gid2f.jpg)
ডিজিটেল ডেস্কঃ সোমবাৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই ২৫ আৰু ২৬ ফেব্রুৱাৰীত গুৱাহাটীত অনুষ্ঠিত হ'বলগীয়া এডভান্টেজ আছাম-২.০ ৰ বাবে ছিংগাপুৰৰ ৰাষ্ট্ৰপতি, মন্ত্রী আৰু বিনিয়োগকাৰীক সাক্ষাতৰ উদ্দেশ্যে ছিংগাপুৰত উপস্থিত হয়। ছিংগাপুৰত ভাৰতৰ উচ্চাযুক্ত ড০ শিল্পক আম্বুলেই তেওঁক আদৰণি জনায়।
মঙলবাৰে মুখ্যমন্ত্রী ড০ শৰ্মাই ছিংগাপুৰৰ ৰাষ্ট্রপতি থাৰমান ছানমুগাৰাটনামৰ সৈতে সাক্ষাতত মিলিত হয়। যথার্থতে বহিঃৰাষ্ট্ৰৰ সন্মানীয় এগৰাকী ৰাষ্ট্ৰপতিৰ সৈতে অসমৰ মুখ্যমন্ত্ৰীৰ এই সাক্ষাতে এক বিশেষ চর্চা লাভ কৰিছে।
It was a great honour to meet the President of Singapore, H.E @Tharman_S, today.
— Himanta Biswa Sarma (@himantabiswa) February 11, 2025
Our discussions covered ongoing collaborative projects, with a special emphasis on Assam’s role as a key pillar in the India-Singapore Comprehensive Strategic Partnership. I also shared the fond… pic.twitter.com/K5FoDTJg36
ৰাষ্ট্ৰপতিৰ সৈতে উক্ত আলোচনাত অসমৰ সৈতে চলিত সহযোগিতামূলক প্রকল্পসমূহক সামৰি লোৱা হৈছিল। লগতে ভাৰত-ছিংগাপুৰৰ ব্যাপক কৌশলগত অংশীদাৰিত্বৰ মূল স্তম্ভ হিচাপে অসমৰ ভূমিকাৰ দিশত বিশেষ গুৰুত্ব প্রদান কৰা হয়। ২০২২ চনত ৰাষ্ট্রপতিগৰাকীৰ অসম ভ্রমণৰ অভিজ্ঞতা তথা সুমধুৰ স্মৃতিও ৰাষ্ট্রপতিগৰাকীয়ে ৰোমন্থন কৰে।
এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণত ছিংগাপুৰৰ অংশীদাৰিত্বৰ বাবে মুখ্যমন্ত্রীয়ে শলাগ লৈ ব্যক্ত কৰে "ছেমিকন্ডাক্টৰ, সেউজ শক্তি আৰু উন্নত প্রযুক্তিৰ দৰে আমাৰ উদীয়মান খণ্ডসমূহত ৰাষ্ট্ৰখনৰ সৈতে সহযোগিতামূলক সম্পর্কক সবলীকৰণৰ আমি পোষকতা কৰিছোঁ।"
ইয়াৰ পূর্বে মুখ্যমন্ত্ৰীয়ে ছিংগাপুৰত ছেমিকণ্ডাক্টৰ উদ্যোগৰ নেতৃবৃন্দৰ সৈতে এক ফলপ্রসূ আলোচনাত মিলিত হৈ দিনটোৰ আৰম্ভণি কৰে। মুখ্যমন্ত্রীয়ে সামাজিক মাধ্যমযোগে ব্যক্ত কৰে ছেমিকণ্ডাক্টৰ হৈছে ভাৰত-ছিংগাপুৰৰ পাৰস্পৰিক সহযোগিতাৰ এক গুৰুত্বপূর্ণ দিশ। মই তেওঁলোকক জাগীৰোডত হ'বলগীয়া ইলেক্ট্রনিক চিটীত আমাৰ সৈতে অংশীদাৰ হ'বলৈ আমন্ত্রণ জনাইছোঁ।
It was a delight to meet the Minister for Foreign Affairs of Singapore, H.E @VivianBala
— Himanta Biswa Sarma (@himantabiswa) February 11, 2025
We spoke on deepening the existing partnership between the State of Assam and the Republic of Singapore under the overall framework of India’s Act East Policy. @HCI_Singapore @MEAIndia pic.twitter.com/FHgSpVASKI
উল্লেখ্য, উক্ত বৈঠকত এ এছ এম পি টি, এ ই এম, বেছি, টামাছেক, ছিলিকন বক্স, নিট্টো ডেংকো কর্প, হেলাৰ ইন্ডাস্ট্রিজ আৰু মেইনধার্টৰ দৰে বিখ্যাত গ্রুপৰ নেতাবৃন্দ উপস্থিত থাকে। পৰৱৰ্তী সময়ত ড০ হিমন্ত বিশ্ব শর্মাই মন্ত্রলবাৰে ছিংগাপুৰত লো চেৰ এক আৰু তেওঁৰ দলৰ সৈতে অসমত ছাৰ্বানা জুৰঙৰ বিদ্যমান প্রকল্পসমূহৰ পৰ্যালোচনা বৈঠকত অংশগ্রহণ কৰে। ছিংগাপুৰৰ নগৰ পৰিকল্পনাৰ বিশেষ দক্ষতাৰ জৰিয়তে অসমৰ ভবিষ্যতৰ চহৰ আৰু ঔদ্যোগিক উদ্যান নির্মাণ তথা অসমৰ লোকসকলৰ জীৱন ধাৰণৰ সহজতা বৃদ্ধিৰ দিশত তেওঁলোকক কাম কৰাৰ পোষকতা কৰে মুখ্যমন্ত্রীয়ে।
ইয়াৰ পাছতে মুখ্যমন্ত্রী ড° শৰ্মাই ছিংগাপুৰ আই টি ইৰ শিক্ষা সেৱাৰ মুখ্য কার্যবাহী বিষয়া সুৰেশ নটৰাজন আৰু তেওঁৰ দলৰ সৈতে এক বিশেষ বৈঠকত মিলিত হয়। মুখ্যমন্ত্রীয়ে ব্যক্ত কৰে যে, কাৰিকৰী শিক্ষা, কর্মশক্তিৰ তৎপৰতা আৰু সামাজিক গতিশীলতা উন্নত কৰিবলৈ দক্ষ কর্মশক্তিৰ এক বৃহৎ গোট বিকশিত কৰাৰ দিশত তেওঁলোকৰ দৃষ্টিভংগী আৰু অসমৰ লক্ষ্য ওতঃপ্রোতঃভাবে সংযোজিত।
Over the coming months we will be seeing closer collaboration between Assam Skill University and ITE. We are also exploring ways to leverage their expertise in setting up a World Skill Centre in Assam along with the private sector.#AdvantageAssam2 @ITESpore @HCI_Singapore pic.twitter.com/csISXAeXx4
— Himanta Biswa Sarma (@himantabiswa) February 11, 2025
আগন্তুক মাহসমূহত অসম দক্ষতা বিশ্ববিদ্যালয় আৰু আই টি ই-ছিংগাপুৰৰ মাজত ঘনিষ্ঠ সহযোগিতামূলক কর্মৰাজি দেখিবলৈ পোৱাৰ আশা ব্যক্ত কৰাৰ লগতে ব্যক্তিগত খণ্ডৰ উপৰি অসমত বিশ্ব দক্ষতা কেন্দ্র স্থাপনৰ ক্ষেত্ৰতো তেওঁলোকৰ বিশেষ দক্ষতাৰ ব্যৱহাৰেৰে উপায় অন্বেষণৰ কথাও উল্লেখ কৰে।
During my visit, I had the opportunity to understand the quality of faculty and industry specific laboratories in aerospace, smart manufacturing and electronics. These play a vital role to bridge the gap between industry solutions and graduate expertise.
— Himanta Biswa Sarma (@himantabiswa) February 11, 2025
2/3 pic.twitter.com/rwfY9IgBWV
উল্লেখ্য, মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন অসম চৰকাৰে এডভান্টেজ আছাম-২.০ ক অসমৰ উন্নয়নৰ গতিশীলতাক অধিক বৃদ্ধি কৰিবলৈ এক মঞ্চ হিচাপে ব্যৱহাৰ কৰিছে। এই লক্ষ্যক সাৰোগত কৰিয়েই মুখ্যমন্ত্রীয়ে ভূটান, দক্ষিণ কোৰিয়া, জাপান, ছিংগাপুৰ আদিৰ দৰে উন্নত ৰাষ্ট্রসমূহৰ সৈতে সংযোগ স্থাপন কৰিছে। বুধবাৰৰ দিনটোও মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই ছিংগাপুৰত অতিবাহিত কৰিব।
Had a very good meeting with Mr Suresh Natarajan, the CEO of ITE Education Services and his team.
— Himanta Biswa Sarma (@himantabiswa) February 11, 2025
Their vision to elevate technical education and workforce readiness aligns closely with Assam’s goal to develop a large pool of skilled workforce.
1/3 pic.twitter.com/CpqSzlxGya