/asomiyapratidin/media/media_files/2025/01/18/YeUgoA7u4peO8BuIMVHb.jpg)
ডিজিটেল ডেস্কঃ 'এডভাণ্টেজ আছাম ২.০' ৰ প্ৰস্তুতিৰ বুজ লৈ আজি বিদেশলৈ যাত্ৰা কৰিব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। 'এডভাণ্টেজ আছাম ২.০' ৰ বাবে বিনিয়োগকাৰীৰ সন্ধানত বিদেশলৈ যাত্ৰাৰ পূৰ্বে শুকুৰবাৰে নিশা অসম লোকসেৱা ভৱনত সতীৰ্থ মন্ত্ৰী আৰু শীৰ্ষ বিষয়াৰ সৈতে এক পৰ্যালোচনাৰ বৈঠকত মিলিত হয় ড০ শৰ্মা।
এই বৈঠকত নেহৰু ষ্টেডিয়াম উন্নীতকৰণ, ডিব্ৰুগড়ত প্ৰেক্ষাগৃহ নিৰ্মাণ, ডিফুৰ চিকিৎসা আৰু কৃষি মহাবিদ্যালয় আদি প্ৰকল্পৰো অগ্ৰগতিৰ বুজ লয়। 'এডভাণ্টাজ আছাম ২.০' সন্মিলৰ পূৰ্বে ইয়াৰ প্ৰচাৰ, প্ৰসাৰ, গুৱাহাটী মহানগৰীৰ সৌন্দৰ্যবৰ্ধন, আলোকসজ্জা, পথ উন্নয়ন আদি পদক্ষেপৰো অগ্ৰগতিৰ বুজ লয় ড০ শৰ্মাই।
এই সন্দৰ্ভত সংশ্লিষ্ট বিভাগসমূহে লোৱা পদক্ষেপসমূহৰ সন্দৰ্ভক বিষয়াসকলৰ পৰা খতিয়ান লয়। বিভাগীয় মন্ত্ৰী আৰু বিষয়াসকলৰ দিয়া খতিয়ানৰ ভিত্তিত তেওঁ কিছু পৰামৰ্শও আগবঢ়ায়।
উল্লেখ্য যে, অহা ২৫ আু ২৬ ফেব্ৰুৱাৰীত গুৱাহাটীত অনুষ্ঠিত হ’ব 'এডভাণ্টেজ আছাম ২.০'। ইয়াৰ জৰিয়তে ৰাজ্যৰ বিনিয়োগ আৰু আন্তঃগাঁথনি উন্নয়নৰ বাবে পদক্ষেপ লোৱা হ’ব। ইয়াৰ বাবে ইতিমধ্যে মুখ্যমন্ত্ৰী ড০ শৰ্মাই দেশৰ ভিন্ন চহৰত বহু উদ্যোগপতি তথা প্ৰতিষ্ঠানৰ মুৰব্বীক সাক্ষাৎ কৰি 'এডভাণ্টেজ আছাম ২.০' লৈ আমন্ত্ৰণ জনাইছে।
তেওঁলোকক অসমত বিনিয়োগৰ সম্ভাৱনীয়তাৰ বিষয়ে সদৰি কৰিছে। দেশৰ উদ্যোগপতিৰ সমান্তৰালকৈ বিদেশী বিনিয়োগকাৰীকো আকৰ্ষণ কৰাৰ বাবে কোনো ত্ৰুটি ৰাখিব বিচৰা নাই মুখ্যমন্ত্রী ড০ শৰ্মাই।
সেয়ে ১৯ জানুৱাৰীত দক্ষিণ কোৰিয়া আৰু জাপান অভিমুখে ৰাওনা হ'ব তেওঁ। ১৯ জানুৱাৰীৰ পৰা ২৪ জানুৱাৰীলৈ এই দুখন দেশ ভ্ৰমণ কৰিব মুখ্যমন্ত্ৰী শৰ্মাই।
উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগে প্ৰকাশ কৰা চৰকাৰী জাননী অনুসৰি এই ভ্ৰমণকালত মুখ্যমন্ত্ৰীক সংগ দিব বিধায়ক বলীন চেতিয়া, মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব ড৹ কে কে দ্বিবেদী, পৰ্যটন বিভাগৰ অতিৰিক্ত মুখ্য সচিব ড৹ জে বি এক্কা, মুখ্যমন্ত্ৰীৰ নিৰাপত্তাৰ দায়িত্বত থকা আৰক্ষী অধীক্ষক গুণেন্দ্ৰ ডেকা, মুখ্যমন্ত্ৰীৰ ব্যক্তিগত সহায়কাৰী সঞ্জীৱ ঘোষৰ লগতে কেইবাগৰাকী শীৰ্ষ বিষয়া-কৰ্মচাৰীয়ে।
ইতিমধ্যে অসম চৰকাৰৰ আন এগৰাকী মন্ত্ৰী বিমল বড়াই বিদেশী বিনিয়োগকাৰীক এডভাণ্টেজ আছাম ২.০ লৈ আমন্ত্ৰণ জনাবলৈ কেইবাখনো দেশ ভ্ৰমণ কৰিছে। তেওঁ বহু শীৰ্ষ উদ্যোগপতিক ইয়াৰা বাবে আমন্ত্ৰণ জনাইছে।
ইফালে বিদেশ যাত্ৰাৰ পূৰ্বে মুখ্যমন্ত্ৰী ড০ শৰ্মাই লোকসেৱা ভৱনত অনুষ্ঠিত বৈঠকত গুৱাহাটী আৰু ডিব্ৰুগড়ত গণৰাজ্য দিৱস উদযাপনৰ প্ৰস্তুতিৰ বিষয়েও বুজ লয়। সাধাৰণ প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনৰ পৰা সমাগত গণৰাজ্য দিৱস উদযাপনৰ প্ৰস্তুতিৰ সবিশেষ বুজ লৈ তেওঁ এইবাৰ ৰাজ্যৰ ৩৯ খন সম-জিলাতো গণৰাজ্য দিৱসৰ কাৰ্যসূচী অনুষ্ঠিত কৰাৰ বাবে নিৰ্দেশনা প্ৰদান কৰে।
জিলাভিত্তিত অনুষ্ঠিত কাৰ্যসূচীৰ দৰেই যাতে এই সম-জিলাকেইখনত গণৰাজ্য দিৱসত আৰক্ষীৰ পেৰেড আদি অনুষ্ঠিত হয় তাৰ যাৱতীয় ব্যৱস্থা কৰাৰ বাবেও নিৰ্দেশনা প্ৰদান কৰিছে। সম-জিলাৰ গণৰাজ্য দিৱসৰ বাবে তেওঁ প্ৰয়োজনীয় পুঁজি মোকলাই দিবলৈ সাধাৰণ প্ৰশাসন বিভাগক নিৰ্দেশনা দিছে।
Chaired productive meetings on several important matters.
— Himanta Biswa Sarma (@himantabiswa) January 17, 2025
👉🏼 Reviewed preparations for ensuing Republic Day
👉🏼 Reviewed progress of key projects including Nehru Stadium upgradation, Auditorium in Dibrugarh, Vet & Agri College, Diphu
👉🏼Reviewed preparations for #AdvantageAssam2 pic.twitter.com/XppqXzFWUv