/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/07/cotton-2.jpg)
ডিজিটেল ডেস্কঃ কিছু দিনৰ পূৰ্বে কটন বিশ্ববিদ্যালয়ৰ দুটা হোষ্টেলৰ আবাসীৰ মাজত হৈছিল সংঘাত। কটন বিশ্ববিদ্যালয়ৰ সাধাৰণ সম্পাদকগৰাকীয়ে বিজেপিত যোগদান কৰাক লৈ সূত্ৰপাত হোৱা এই সংঘাতত কেইবাজনো ছাত্ৰ আহত হৈছিল। অভিযোগ অনুসৰি ৰজনী কান্ত বৰদলৈ হোষ্টেলৰ একাংশ আবাসীয়ে এছ এম এইছত শিল, ইটা আৰু লাঠি লৈ আক্ৰমণ চলাইছিল।
এই ঘটনাৰ পাছত অভিযুক্ত ছাত্ৰসকলৰ বিৰুদ্ধে কি ব্যৱস্থা লয় সেয়া লক্ষ্যণীয় হৈ পৰিছিল। ৩ আগষ্টতঅনুষ্ঠিত হোৱা কটন বিশ্ববিদ্যালয়ৰ ২৫ সংখ্যক এক্স্য়োকেটিভ কাউন্সিল মিটিঙত অভিযুক্ত ছাত্ৰসকলৰ বিৰুদ্ধে অনুশাসনমূলক ব্যৱস্থা গ্ৰহণৰ সিদ্ধান্ত লোৱা হয়।
সেই সিদ্ধান্ত অনুসৰি কটন বিশ্ববিদ্যালয় কৰ্তৃপক্ষই তিনিটা পৰ্যায়ত অভিযুক্ত ছাত্ৰসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছে। সেই অনুসৰি আৰ কে বিৰ তিনিজন ছাত্ৰক ৫ হাজাৰ টকাকৈ জৰিমণা আৰু ভৱিষ্যতে কোনো পাঠ্যক্ৰমতে কটন বিশ্ববিদ্যালয়ত তেওঁলোকক নামভৰ্তিৰ পৰা বাৰণ কৰা হৈছে। এই ছাত্ৰসকল ক্ৰমে- আৰ কে বিৰ অচ্যুত দাস, মিগাম পেগু আৰু অভিষেক দত্ত।
আনহাতে আৰ কেবিৰ তিনিজন আৰু এছ এম এইছৰ এজন ছাত্ৰক এনে ঘটনাৰে জড়িত থকাৰ বাবে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ৫ হাজাৰ টকাকৈ জৰিমণা বিহিছে। আৰ কে বিৰ জৰিমণা বিহা ছাত্ৰ কেইগৰাকী হ' দিগন্ত বৈশ্য, প্ৰাঞ্জল সোণোৱাল আৰু মাধূৰ্য মণ্ডিত ডেকা। এছ এম এএইছৰ পল্লৱ দাসকো ৫ হাজাৰ টকা জৰিমণা বিহিছে কটন বিশ্ববিদ্যালয় কৰ্তৃপক্ষই।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/213f1a41-0ec3-41f2-acff-62ec039f6f64-495x1024.jpg)
ইয়াৰ উপৰিও আৰ কে বিৰ ৭ জন ছাত্ৰক ৩ হাজাৰ টকাকৈ জৰিমণা বিহা হৈছে। তেওঁলোক ক্ৰমে সাব্যসাচী দাস, অশোক মোৰা, ৰূপম দেউৰী, বিবেকানন্দ চেতীয়া, ধ্ৰুৱজ্যোতি ৰাজকোঁৱৰ, শোণিত দাস আৰু হিমাংশু দাস। জৰিমণা বিহা ছাত্ৰসকলে ৩০ আগষ্ট ২০২২ৰ ভিতৰত জৰিমণা আদায় নিদিলে তেওঁলোকক গ্ৰেডশ্বিত আৰু উত্তীৰ্ণৰ প্ৰমাণ পত্ৰ প্ৰদান নকিৰব বিশ্ববিদ্যালয়ে।