Advertisment

পদত্যাগী ৰামানুজ তামুলপুৰৰ SDO: ‘কেছ ফৰ জব’ গোচৰৰ পৰা ৰক্ষা পাবলৈ কৰিছিল নেকি নাটক!

পদত্যাগী ৰামানুজ তামুলপুৰৰ SDO: ‘কেছ ফৰ জব’ গোচৰৰ পৰা ৰক্ষা পাবলৈ কৰিছিল নেকি নাটক!

author-image
asomiyapratidin
New Update
পদত্যাগী ৰামানুজ তামুলপুৰৰ SDO: ‘কেছ ফৰ জব’ গোচৰৰ পৰা ৰক্ষা পাবলৈ কৰিছিল নেকি নাটক!

ডিজিটেল ডেস্কঃ আকৌ সংবাদ শীৰ্ষত ৰামানুজ হাজৰিকা। দীৰ্ঘদিন সামাজিক মাধ্যম ব্যৱহাৰ কৰি থকা লোকসকলৰ বাবে হয়তো অপৰিচিত নহয় ৰামানুজ হাজৰিকা। অনীতিৰ মাধ্যমেৰে চাকৰি লোৱাৰ অভিযোগেৰে অভিযুক্ত এইগৰাকী ৰামানুজ হাজৰিকা সামাজিক মাধ্যমৰ জৰিয়তে এটা নিশাৰ ভিতৰতেই হৈ পৰিছিল নায়ক। ফেচবুকৰ জৰিয়তে সংবাদ মাধ্যম তথা আৰক্ষী প্ৰশাসনক প্ৰত্যাহ্বান জনাই বহুতৰে মন জয় কৰিছিল তেওঁ।

Advertisment

অসম লোক-সেৱা আয়োগত ৰাকেশ পাল বাহিনীক মেনেজ কৰি বক্র পথেৰে চাকৰি লোৱা ২৬ গৰাকী ৰাজপত্রিত বিষয়া 'কেছ ফৰ জৱ' গোচৰৰ অধীনত আৰক্ষীৰ তদন্তৰ আওতাত সোমাই অধিকাংশই কাৰাগাৰলৈ যাবলগীয়া হোৱাৰ লগতে চাকৰিৰ পৰাও নিলম্বিত হ'বলগীয়া হৈছিল৷

এই গোচৰ সন্দৰ্ভত আৰক্ষীৰ তদন্ত চলি থকা সময়তে ২০১৭চনৰ নৱেম্বৰ মাহত ২০১৫ বৰ্ষৰ এ চি এছ বিষয়া ৰামানুজ হাজৰিকাই আকস্মিকভাৱে চাকৰিৰ পৰা পদত্যাগ কৰাৰ কথা সামাজিক মাধ্যমৰ জৰিয়তে নিজেই প্ৰকাশ কৰিছিল। সেই সময়ত ধেমাজিৰ নির্বাচনী বিষয়া হিচাপে কর্মৰত আছিল ৰামানুজ হাজৰিকা। পদত্যাগৰ সময়ত এইগৰাকী ৰাজপত্ৰিত বিষয়া অকৰ্তৃত্বশীলভাৱে কৰ্মস্থলীত অনুপস্থিত আছিল বুলিও জানিব পৰা গৈছিল।

এইগৰাকী ৰামানুজ হাজিৰাকই ২০১৭ চনৰ নৱেম্বৰ মাহত পদত্যাগ কৰাৰ কথা ঘোষণাৰ ৮ মাহ পূৰ্বে ছুটী লৈ কৰ্তব্যস্থলীৰ পৰা ঘৰলৈ গৈ পুনৰ ঘূৰি অহা নাছিল কৰ্তব্যস্থলীলৈ। যাৰ বাবে তেওঁৰ দৰমহাও বন্ধ হৈ আছিল। ইউ পি এছ চি পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাবলৈ তেওঁ চাকৰিৰ পৰা পদত্যাগ কৰিছে বুলি ঘোষণা কৰিছিল ফেচবুকৰ জৰিয়তে।

লক্ষণীয় কথা যে, ফেচবুকৰ জৰিয়তে নিজকে নিৰ্দোষী বুলি উল্লেখ কৰা ৰামানুজ হাজৰিকাৰ এ পি এছ চিৰ উত্তৰবহীও আৰক্ষীয়ে পৰীক্ষাৰ বাবে দেশৰ চাৰিটা ফৰেনচিক গৱেষণাগাৰলৈ প্রেৰণ কৰা প্রায় ২৩০০ উত্তৰবহীৰ মাজত আছিল ৷ তদন্ত চলি থকাৰ মাজতে সেইদৰে পদত্যাগ কৰি ৰামানুজে 'কেছ ফৰ জৱ' গোচৰৰ পৰা ৰক্ষা পাবলৈ চেষ্টা কৰিছিল বুলি চৰ্চা চলিছিল।

সেইগৰাকী ৰামানুজ হাজৰিকাই সুদীৰ্ঘ ৫ বছৰৰ মূৰত পুনৰ চৰ্চালৈ আহিছে। ২০১৭ৰ নৱেম্বৰত পদত্যগ কৰা বুলি উল্লেখ কৰা ৰাজপত্ৰিত বিষয়াগৰাকী এতিয়া তামুলপুৰৰ এছ ডি অ' হিচাপে কৰ্মৰত। শেহতীয়াকৈ অসম চৰকাৰে এক নিৰ্দেশনা জৰিয়তে ৰাজ্যৰ প্ৰশাসনত ব্যাপক সালসলনি কৰাৰ মাজতে ৰামানুজ হাজৰিকাকো তামুলপুৰৰ এছ ডি অ' হিচাপে নিযুক্তি দিয়াৰ তথ্য পোহৰলৈ আহিছে।

এ পি এছ চিৰ 'কেছ ফৰ জৱ' গোচৰৰ তদন্ত চলি থকাৰ মাজতে পদত্যাগৰ নাটক কৰা এইগৰাকী ৰাজমপত্ৰিত বিষয়া এতিয়াও কৰ্মৰত হৈ থকা ঘটনাই এতিয়া ব্যাপক চৰ্চা লাভ কৰিছে। ইউ পি এছ চিৰ প্ৰস্তুতি চলাবলৈ চাকৰিৰ পৰা পদত্যাগ কৰিছে বুলি ক'লেও প্ৰকৃততে তেওঁ তদন্তৰ পৰা হাত সাৰিবলৈহে সেই নাটক ৰচনা কৰিছিল বুলি এতিয়া ব্যাপক চৰ্চা চলিছে।

ইফালে এ পি এছ চি কেলেংকাৰী সন্দৰ্ভত ইতিমধ্যে তদন্তকাৰী বিষয়াই প্ৰতিবেদন দাখিল কৰিছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই প্ৰতিবেদন অধ্যয়ন কৰি আগন্তুক ২০ দিনৰ ভিতৰত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি উল্লেখ কৰিছে। কিন্ত তাৎপৰ্যপূৰ্ণ কথাটো হ'ল শেহতীয়াকৈ ৰাজ্য চৰকাৰৰ গৃহ বিভাগে এক নিৰ্দেশনাৰ জৰিয়তে প্ৰশাসনত ব্যাপক ৰদ-বদল কৰাৰ সময়ত 'কেছ ফৰ জৱ' গোচৰত নাম জড়িত থকা কেইবাজনো ৰাজপত্ৰিত বিষয়াক পদোন্নতি দিয়া দেখা গৈছে। এনে প্ৰেক্ষাপটত এ পি এছ চি কাণ্ডৰ তদন্তই পৰৱৰ্তী সময়ত কি গতি লাভ কৰে সেইয়া হ'ব অতি লক্ষণীয় বিষয়।