৫০ হাজাৰ ঘোচ লৈ হাত দাঙিলে ACS গৌৰৱ শেখৰ দাসে...

ৰাজ্যত পুনৰ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল এগৰাকী ঘোচখোৰ বিষয়া। এইবাৰ ঘোচ লৈ আটক হৈছে এগৰাকী এ চি এছ বিষয়া। আটকাধীন এ চি এছ বিষয়াগৰাকী বজালী জিলাৰ সহকাৰী আয়ুক্ত গৌৰৱ শেখৰ দাস।

author-image
Tushar Pratim
New Update
৫০ হাজাৰ ঘোচ লৈ হাত দাঙিলে ACS গৌৰৱ শেখৰ দাসে...

ডিজিটেল ডেস্কঃ ৰাজ্যত পুনৰ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল এগৰাকী ঘোচখোৰ বিষয়া। এইবাৰ ঘোচ লৈ আটক হৈছে এগৰাকী এ চি এছ বিষয়া। 

Advertisment

জানিব পৰা মতে আজি বজালী জিলাৰ আয়ুক্ত কাৰ্যালয়ত এক অভিযান চলাই দুৰ্নীতি নিবাৰক শাখাৰ এটা দলে। এই অভিযানৰ সময়তে জিলাখনৰ সহকাৰী আয়ুক্ত গৌৰৱ শেষৰ দাসে ৫০ হাজাৰ টকা ঘোচ লোৱাৰ অৱস্থাতে আটক হয়।

অভিযোগ অনুসৰি এগৰাকী মাটিৰ ব্যৱসায়ীৰ পৰা ৫০ হাজাৰ টকা ঘোচ লৈছিল গৌৰৱ শেখৰ দাসে। উল্লেখ্য যে, দুৰ্নীতি নিবাৰক শাখাই এক্স হেণ্ডেলৰ জৰিয়তেও এই বিষয়ে প্ৰকাশ কৰিছে। 

বজালী দুৰ্নীতি নিবাৰক শাখা