নগেন শইকীয়াক জীৱনজোৰা সাধানা বঁটা, হাইদৰ হুছেইনক সাদিন বঁটা প্ৰদান...

আজি সাদিন-প্ৰতিদিন গোষ্ঠীৰ ২০২৪ বৰ্ষৰ এচিভাৰ এৱাৰ্ড অনুষ্ঠানত বৰেণ্য অসমীয়া, সাম্প্রতিক অসমৰ লাইখুঁটাস্বৰূপ ড০ নগেন শইকীয়ালৈ আগবঢ়োৱা হয় জীৱনজোৰা সাধনা বঁটা। একেদৰে প্ৰবীণ সাংবাদিক বুদ্ধিজীৱি হাইদৰ হুছেইনলৈ আগবঢ়োৱা হৈছে সাদিন বঁটা।

author-image
Tushar Pratim
আপডেট কৰা হৈছে
New Update
নগেন শইকীয়াক জীৱনজোৰা সাধানা বঁটা, হাইদৰ হুছেইনক সাদিন বঁটা প্ৰদান...

ডিজিটেল ডেস্কঃ অসমীয়া প্ৰতিদিনৰ ডিব্ৰুগড় সংস্কৰণৰ গৌৰৱোজ্জল ৰূপালী জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰংঘৰ প্ৰেক্ষাগৃহত আজি সাদিন-প্ৰতিদিন গোষ্ঠীৰ ২০২৪ বৰ্ষৰ এচিভাৰ এৱাৰ্ড অনুষ্ঠানত বৰেণ্য অসমীয়া, সাম্প্রতিক অসমৰ লাইখুঁটাস্বৰূপ ড০ নগেন শইকীয়ালৈ আগবঢ়োৱা হয় জীৱনজোৰা সাধনা বঁটাএকেদৰে প্ৰবীণ সাংবাদিক বুদ্ধিজীৱি হাইদৰ হুছেইনলৈ আগবঢ়োৱা হৈছে সাদিন বঁটা।

Advertisment

মুখ্য অতিথি হিচাপে কেন্দ্ৰীয় জাহাজ, বন্দৰ আৰু জল পৰিবহণ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ জীতেন হাজৰিকাৰ লগতে, বহু স্বনামধন্য ব্যক্তিৰ উপস্থিতিত অনুষ্ঠিত হোৱা এই প্ৰতিদিন এছিভাৰ এৱাৰ্ড-২০২৪ ত দুয়োগৰাকী মহীৰূহক এই বঁটা প্ৰদনা কৰা হয়।

অসমীয়া সমাজ জীৱনলৈ ড০ নগেন শইকীয়াই উল্লেখনীয় অৱদান আগবঢ়াইছে। এহাতে যিদৰে তেওঁ সাহিত্য সৃষ্টিৰে অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰিছে ঠিক সেইদৰেই শিক্ষাবিদ হিচাপেও চিৰনমস্য হৈ ৰৈছে। সাংবাদিকতাৰ ক্ষেত্ৰখনতো তেওঁ যিদৰে অৱদান আগবঢ়াইছে সেইদৰেই সমালোচক হিচাপেও যশস্যা অৰ্জন কৰিছে। ৰাজনৈতিক ক্ষেত্ৰখনতো তেওঁৰ অৱদান।

২০০৩ চনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা আসনৰ প্ৰাধ্যাপকৰূপে অৱসৰ গ্রহণ কৰা ড০ নগেন শইকীয়াৰ সুবিশাল কর্মৰাজিয়ে চহকী কৰিছে অসমীয়া ভাষা,  সাহিত্য, সংস্কৃতি, সমাজ আৰু ৰাজনীতিৰ বৰঘৰ। মিতভাষৰ স্রষ্টা, অসম সাহিত্য সভাৰ দুটা কার্যকালৰ সভাপতি, সাহিত্য একাডেমী বঁটা, অসম উপত্যকা বঁটা বিজয়ী ড০ শইকীয়া বৰ্তমান অসমীয়া জাতিৰ অন্যতম অভিভাৱক স্বৰূপ।

এইগৰাকী পুৰোধাই অসম আৰু অসমীয়া জাতিলৈ আগবঢ়োৱা অৱদানৰ বাবে সাদিন-প্ৰতিদিন গোষ্ঠীয়ে ২০২৪ বৰ্ষৰ জীৱনজোৰা সাধনা বঁটা আগবঢ়াইছে। এই বঁটাত আছে এখন মানপত্র,  এখন চেলেং,  এখন ফুলাম গামোচা,  এখন এড়ি চাদৰ, এটা স্মাৰক,  এখন হেমকোষ আৰু ১ লাখ ১১ হাজাৰ ১১১ টকাৰ এখন চেক।

নগেন শইকীয়াক জীৱনজোৰা সাধানা বঁটা, হাইদৰ হুছেইনক সাদিন বঁটা প্ৰদান...

আনহাতে অসমৰ সংবাদ জগতলৈ অনবদ্য অবদান আগবঢ়োৱা হাইদৰ হুছেইনক এই অনুষ্ঠানতে সাদিন বঁটা প্ৰদান কৰা হয়। প্ৰবীণ সাংবাদিক, বুদ্ধিজীৱি হাইদৰ হুছেইন বহু বিশিষ্ট গুণৰ অধিকাৰী

যোৱা ৫ টা দশকৰো অধিক কাল অসমৰ ৰাজনৈতিক, সামাজিক বিষয়ৰ ওপৰত নিজৰ কলম আৰু উদ্দাত্ত কণ্ঠৰে আপোচবিহীনস্থিতি গ্ৰহণ কৰি অহা হুছেইন অসমৰ সৰ্বস্তৰৰ ৰাইজৰে অতি চিনাকী আৰু সন্মানীয় নাম। এসময়ত অসমীয়া প্ৰতিদিনৰো সম্পাদকৰ দায়িত্ব পালন কৰা হাইদৰ হুছেইন কণ্ঠস্থ অসমৰ জনগাঁথনি, অসমৰ প্ৰতিটো ক্ষেত্ৰ,  প্ৰতিটো দিশ তথা  প্ৰতিটো উপকৰণেই।

বিৰল বাগ্মীতাৰে যিকোনো সময়তে ৰাইজক মোহাচন্ন কৰি ৰাখিব পৰা গুণৰ অধিকাৰী হুছেইনৰ যুক্তি পূৰ্ণ তথ্যৰ বিশ্লেষণ আৰু ৰাজনীতিৰ সকলো বেহু ভেদ কৰিব পৰা গুণো সৰ্বসাধাৰণৰ আকৰ্ষণৰ বিষয়। অসমৰ সমাজ,  সাংবাদিকতা আৰু বৌদ্ধিক জগতলৈ ওৰেটো জীৱন আগবঢ়োৱা অনবদ্য অৱদানক সম্মান জনায়েই হাইদৰ হুছেইনলৈ আগবঢ়োৱা হৈছে 'সাদিন-প্রতিদিন গোষ্ঠী'ৰ ২০২৪ বৰ্ষৰ 'সাদিন বঁটা'

এই বঁটাত আছে এখন মানপত্র,  এখন চেলেং,  এখন ফুলাম গামোচা,  এখন এড়ী চাদৰ, এটা স্মাৰক,  এখন হেমকোষ আৰু ৫৫ হাজাৰ ৫৫৫ টকাৰ এখন চেক।

নগেন শইকীয়াক জীৱনজোৰা সাধানা বঁটা, হাইদৰ হুছেইনক সাদিন বঁটা প্ৰদান...

 অনুষ্ঠানত বঁটা গ্ৰহণ কৰি ড০ নগেন শইকীয়াই তেওঁৰ ভাষণত কয়, মই মোৰ মাতৃভাষাত লিখা দেশৰ এজন সামান্য লেখক। ভাৰতবৰ্ষৰ পূবত থকা অসমেই মোৰ মাতৃ। সেইবাবে মই বন্দনা কৰোঁ।

ভাষণত তেওঁ নলীনিবালা দেৱী জনমভূমি কবিতাৰ শাৰী আওঁৰাই আকৌ কয়,মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ পৰা শিকি আহিছোঁ অনন্ত বিশ্বব্রহ্মাণ্ডৰ স্রষ্টা, কর্তা আৰু বিধাতাস্বরূপ এক অবিনাশী শক্তিক শ্রদ্ধা কৰিবলৈ। মই জাতি-বর্ণ-ধর্ম-ভাষা-সম্প্রদায় নির্বিশেষে সকলোকে সমান জ্ঞান কৰিবলৈ সৰুৰে পৰাই শিক্ষক পিতৃৰ পৰা শিকি আহিছোঁ।

সাহিত্যৰথী বেজবৰুৱাৰ পৰা শিকি আহিছোঁ 'অ' মোৰ আপোনাৰ দেশ' বুলি দেশক বন্দনা কৰিবলৈ আৰু নিজকে দুৱৰি বনতকৈও সৰু বুলি ভাবিবলৈ, অসম কেশৰীৰ পৰা শিকি আহিছোঁ অসমীয়া জাতীয়তাবাদ, ভাৰতীয় মহাজাতীয়তাবাদ আৰু বিশ্ব মানবতাবাদৰ আদর্শ, জ্যোতিপ্ৰসাদৰ পৰা শিকি আহিছোঁ 'সুন্দৰৰ আৰাধনা জীৱনৰ খেল' বুলি ভাবিবলৈ আৰু জাতিৰ পিতা মহাত্মা গান্ধীৰ পৰা শিকি আহিছোঁ "India is one in many and many in one" বুলি ভাবিবলৈ-এয়ে ভাৰতবর্ষ।

মোৰ ক্ষুদ্রত্ব সত্ত্বেও আভিধানিক হেমচন্দ্ৰ বৰুৱাৰ 'আসাম নিউছ'ৰ আদৰ্শৰে পৰিচালিত হৈ অহা প্রতিদিন টাইম আৰু অসমীয়া প্রতিদিনৰ পৰিয়ালটিয়ে প্রদান কৰা বঁটা মই আনন্দেৰে শিৰ পাতি গ্রহণ কৰিলোঁ। আপোনাসকল সকলোকে মোৰ আন্তৰিক শ্ৰদ্ধা জনালোঁ।

ড০ নগেন শইকীয়া 'এচিভাৰ এৱাৰ্ডছ' ডিব্ৰুগড় বিশ্ববিদ্যালয় হাইদৰ হুছেইন