পৰ্বতঝোৰাত ছাত্ৰ-ছাত্ৰীৰে মত বিনিময় এবছুৰ সভাপতি দ্বিপেন বড়োৰ

নিখিল বড়ো ছাত্ৰ সন্থাৰ কোকৰাঝাৰ জিলা সমিতিৰ উদ্যোগত স্কুল তথা কলেজীয়া ছাত্ৰ-ছাত্ৰীৰ লগতে নৱ প্ৰজন্মৰ ভৱিষ্যত গঢ় দিয়াকলৈ এই আলোচনা চক্ৰৰ আয়োজন কৰা হয়।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,পৰ্বতঝোৰাঃ টিপকাই গুৰুদেৱ কালি চৰন ব্ৰহ্ম মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰে আলোচনাত মিলিত হয় এবছুৰ সভাপতি দ্বিপেন বড়ো। নিখিল বড়ো ছাত্ৰ সন্থাৰ কোকৰাঝাৰ জিলা সমিতিৰ উদ্যোগত স্কুল তথা কলেজীয়া ছাত্ৰ-ছাত্ৰীৰ লগতে নৱ প্ৰজন্মৰ ভৱিষ্যত গঢ় দিয়াকলৈ এই আলোচনা চক্ৰৰ আয়োজন কৰা হয়।

উক্ত আলোচনাত বিটিআৰৰ উন্নয়ণক লৈও কেবাটও বিষয় আলোচনা কৰে এবছুৰ সভাপতি গৰাকীয়ে।বিটিআৰত আঞ্চলিকতা বাদী চৰকাৰ গঠন কৰাকলৈ দ্বীপেন বড়োই কয়, বড়ো সাহিত্য সভাৰ লগতে ১৬ টাকৈ সংগঠনে বিপিএফ আৰু ইউপিপিএলক একত্ৰিত হবলৈ আহ্বান জনাইছিলো।

তেওঁ কয়, প্ৰমোদ বড়োই আমাক সমৰ্থন জনালে যদিও বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰী আলোচনালৈ নাহিল। ইয়াৰ পৰা এইটো কথাই বুজাই যে হাগ্ৰামা মহিলাৰীয়ে জাতি আৰু জাতীয়তাবাদক কিমান ভাল পায়।

ABSU