/asomiyapratidin/media/media_files/2026/01/05/bofo-2026-01-05-09-30-42.jpg)
প্ৰতিদিন বিশেষ সংবাদ,ডবকাঃ হোজাই জিলাৰ ডবকাৰ ভগীৰাম গাঁৱত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা আজি মুকলি সভাত অল বড়ো ছাত্ৰ সন্থা (ABSU)ৰ জিলা সমিতিৰ ৬ষ্ঠ বাৰ্ষিক অধিবেশনত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ABSUৰ কেন্দ্ৰীয় সভাপতি দিপেন বড়ো।
সভাত ভাষণ প্ৰদান কৰি দিপেন বড়োৱে কয় যে ABSUয়ে সদায় জাতীয়তাবাদ, জাতীয় স্বাভিমান, জাতিৰ মৰ্যাদা, অধিকাৰ আৰু অস্তিত্বৰ সুৰক্ষাক লৈ মাত মাতি আহিছে।তেওঁ কয় যে হোজাই জিলাত যিসকল বড়ো ভাই-ভনী বড়ো মাধ্যমৰ বিদ্যালয়ত পঢ়িব বিচাৰে, তেওঁলোকৰ বাবে পঢ়াৰ উপযুক্ত সুবিধা সৃষ্টি কৰিব লাগিব।
বড়ো মাধ্যমৰ এল পি, এম ই আৰু হাইস্কুল স্থাপনৰ দায়িত্ব মুখ্যমন্ত্ৰী তথা অসম চৰকাৰৰ বুলি উল্লেখ কৰি তেওঁ এই দাবী উত্থাপন কৰে।ভূমি আৰু মাটিৰ অধিকাৰৰ প্ৰসংগত দিপেন বড়োৱে কয় যে বসুন্ধৰা ৩.০ৰ জৰিয়তে কিছুমান অঞ্চলত জৰীপ সম্পন্ন হ’লেও এতিয়ালৈকে বহু লোক ভূমিৰ অধিকাৰ পাবলৈ সক্ষম হোৱা নাই।
সেয়ে তেওঁ মুখ্যমন্ত্ৰী আৰু প্ৰশাসনৰ ওচৰত দাবী জনাই কয় যে বসুন্ধৰা ৩.০ত জৰীপ হোৱা ভূমিসমূহ জনজাতীয় লোক আৰু আন খিলঞ্জীয়া লোকসকলে যাতে অধিকাৰসহ লাভ কৰিব পাৰে তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব লাগে।তেওঁ লগতে উল্লেখ কৰে যে নতুনকৈ গঠিত হোজাই জিলাৰ কাকীত মাটিৰ বনজ স্বত্ব অধিকাৰ এতিয়াও অসম্পূৰ্ণ হৈ আছে। বহু সমস্যা বিদ্যমান থকাৰ কথা উল্লেখ কৰি তেওঁ গণতান্ত্ৰিক ব্যৱস্থাৰ মাজেৰে ৰাইজে যাতে শান্তিৰে জীয়াই থাকিব পাৰে তাৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক দাবী জনায়।
কাৰ্বি আংলংৰ খেৰনীৰ ঘটনাৰ সন্দৰ্ভত দিপেন বড়োৱে কয় যে উক্ত ঘটনা মৰ্মান্তিক আৰু দুৰ্ভাগ্যজনক। কাৰ্বি সমাজে গণতান্ত্ৰিক প্ৰতিবাদৰ মাজতেই দাবী উত্থাপন কৰিছিল যদিও জোৰ-জবস্তি লোক উঠাই নিয়াৰ ঘটনা সংঘটিত হয়। চৰকাৰে সময়মতে পদক্ষেপ নোলোৱাৰ বাবেই বৃহৎ ক্ষতি সংঘটিত হয় আৰু দুগৰাকী লোকৰ মৃত্যু হয় বুলি তেওঁ কয়। তেওঁ স্পষ্ট কৰি কয় যে কাৰ্বি সমাজ আৰু সংগঠনৰ লগত ABSU সদায় আছিল আৰু আগলৈও থাকিব।
তেওঁ লগতে কয় যে বড়ো কাচাৰী ৱেলফেয়াৰ অটোনমাছ কাউন্সিল (BKWAC)ৰ এটা সমষ্টি হোজাই জিলাত অন্তৰ্ভুক্ত হৈছে যদিও বড়ো জনগোষ্ঠীৰ বহু সমস্যা এতিয়াও আছে। সেয়ে এটাৰ সলনি দুটা সমষ্টি অন্তৰ্ভুক্ত কৰাৰ দাবী জনাই তেওঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু জনজাতীয় পৰিক্ৰমা মন্ত্ৰী ৰণজ পেগুক এই বিষয়ত দাবী জনোৱা বুলি উল্লেখ কৰে।
সভাত BKWACৰ অধ্যক্ষ অনিল বসুমতাৰীয়ে কয় যে হোজাই জিলাত থকা সকলো দুখীয়া বড়ো গাঁৱক অন্তৰ্ভুক্ত কৰা হৈছে আৰু তেওঁলোকে দাখিল কৰা তালিকাৰ পৰা এটাও গাঁও বাদ পৰা নাই। তেওঁ উল্লেখ কৰে যে জিলাখনত ৬৩টাৰো অধিক বড়ো গাঁও অন্তৰ্ভুক্ত হৈছে। ৰাজ্যৰ ১৯খন জিলাত মুঠ ৩৬টা সমষ্টি আছে যদিও বহু সমষ্টি আকাৰত অত্যন্ত ডাঙৰ, জনসংখ্যা যিমানেই নাথাকক কিয়।
ডবকাৰ ভেলৌগুৰি, মদাৰতলি, ভগীৰাম গাঁও, মিকিৰআটি আৰু নাহাৰ গাঁও বড়ো পাৰ্টৰ অন্তৰ্ভুক্ত হোৱা বুলিও তেওঁ কয়। আনকি এজন বা দহজন বড়ো লোক থকা গাঁও ও বড়ো পাৰ্টৰ অন্তৰ্ভুক্ত কৰা হৈছে বুলি উল্লেখ কৰে। আনহাতে BKWACৰ ডিপুটি চেয়াৰমেন ৰমিঅ পি নাৰ্জাৰীয়ে কয় যে জাতি থাকিলেহে ৰাজনীতি থাকিব। উত্থান-পতন আহিব যদিও ভাষা, কলা-সংস্কৃতি লৈ জীয়াই থকাটো অতি প্ৰয়োজনীয়।
আমেৰিকাত সাংবাদিক চায়ামনি ভূঞাই বিহুৰ আখৰা অনুষ্ঠিত কৰি জাতিৰ প্ৰতি আনুগত্য প্ৰকাশ কৰাৰ উদাহৰণ দাঙি ধৰি তেওঁ কয় যে বৰ অসম গঢ়াৰ ক্ষেত্ৰত চুবুৰীয়ালৈও ভাতৃত্ববোধ প্ৰদৰ্শন কৰিব লাগিব। সাতাম পুৰুষীয়া ভাতৃত্ববোধ ৰক্ষা কৰি আত্মনিৰ্ভৰশীল হোৱাৰ আহ্বান জনাই তেওঁ কয় যে ভূমি আমাৰ আৰু অচিনাকি লোকে খেতি কৰাটো গ্ৰহণযোগ্য নহয়। কাউন্সিলৰ জৰিয়তে হোজাই জিলাৰ বহু ছাত্ৰ-ছাত্ৰীক পঢ়োৱাৰ ব্যৱস্থা কৰা হৈছে আৰু এতিয়া বহু যুৱকে বিনা পইচাৰে চাকৰি লাভ কৰিছে বুলিও নাৰ্জাৰীয়ে উল্লেখ কৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us