/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/07/ABSU-30.jpg)
ডিজিটেল সংবাদ চিৰাংঃ উগ্ৰপন্থীৰ গুলীত মৃত্যুবৰণ কৰা এবছুৰ প্ৰয়াত সভাপতি জৌহৌলাও স্বৌমব্লা বসুমতাৰীৰ ২৬ সংখ্যক মৃত্যু তিথি দিৱস উপলক্ষ্যে চিৰাঙৰ বাসুগাঁও চহৰৰ সমীপৰ গয়বাৰীত প্ৰয়াত ছাত্ৰ নেতাজনৰ সমাধিস্থলীত এবছুৰ উদ্যোগত "সন্ত্ৰাসবাদ বিৰোধী দিৱস" উদযাপন কৰা হয় । ৰাতিপুৱা এবছুৰ পতাকা অৰ্ধ উত্তোলন কৰি অনুষ্ঠানৰ শুভাৰম্ভ কৰে এবছুৰ সভাপতি দ্বীপেন বড়োয়ে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/07/281e48c7-f093-470b-aee6-bdc7671d51a2-1024x576.jpg)
প্ৰয়াত এবছুৰ সভাপতি জৌহৌলাও স্বৌমব্লা বসুমতাৰীৰ সমাধিস্থলীত বন্তি প্ৰজ্বলন আৰু পুষ্প অৰ্পণ কৰে তেখেতৰ সহধৰ্মিণী ভানুমতী বসুমতাৰী আৰু কন্যা ফামি বসুমতাৰীয়ে । আজিৰ এই অনুষ্ঠানত আমন্ত্ৰিত অতিথিসকলে গণস্বাক্ষৰ আৰু মানৱ শৃংখল, শান্তিৰ প্ৰতীক হিচাপে বগা পাৰ চৰাই, বগা বেলুন আকাশত উৰুৱাই সন্ত্ৰাসবাদৰ বিৰুদ্ধে সবল প্ৰতিবাদ সাব্যস্ত কৰে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/07/4529db11-2ed8-4fec-8d81-226e66bd1407-1024x461.jpg)
১৯৯৬ চনৰ আজিৰ এই দিনটোতে কোকৰাঝাৰ চহৰৰ হাতিমাথা গাঁৱত সশস্ত্ৰ উগ্ৰপন্থীৰ দলে নৃশংস ভাৱে গুলীয়াই হত্যা কৰিছিল তদানীন্তন এবছুৰ কেন্দ্ৰীয় সভাপতি স্বৌমব্লা বসুমতাৰীক । এবছুৰ আজিৰ এই "উদখাৰি বেৰেখা সান" অৰ্থাৎ সন্ত্ৰাসবাদ বিৰোধী দিৱস কাৰ্যসূচীত উপস্থিত থাকি বিটিচি প্ৰধান প্ৰমোদ বড়ো আৰু এবছুৰ সভাপতি দ্বীপেন বড়োই কয় যে, এটা সময়ত এইটো অঞ্চলৰ অশান্ত আছিলে, বিভিন্ন উগ্ৰপন্থী সংগঠনে অবৈধ মৰণাস্ত্ৰ ব্যৱহাৰ কৰি হত্যা হিংসাৰে সন্ত্ৰাসৰ সৃষ্টি কৰিছিল । আৰু এই হত্যা হিংসাৰ বলি হৈছিল তদানীন্তন এবছুৰ সভাপতি জৌহৌলাও স্বৌমব্লা বসুমতাৰী ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/07/b6ff8b18-7424-435a-9940-2afb4dade325-1024x461.jpg)
সন্ত্ৰাসবাদৰ বলি হোৱা ছাত্ৰ নেতা গৰাকীৰ মৃত্যু দিৱসটো বিগত ২৬ বছৰ ধৰি এবছুয়ে বিভিন্ন কাৰ্যসূচীৰ জৰিয়তে সন্ত্ৰাসবাদ বিৰোধী দিৱস হিচাপে পালন কৰি আহিছে । এই বড়োলেণ্ড এলেকাত স্থায়ী শান্তি প্ৰতিষ্ঠাৰ হকে নিৰবিচ্ছিন্ন ভাবে সংগ্ৰাম কৰি অহা এবছুৰ নেতৃত্বত বিগত ২০২০ চনৰ ২৭ জানুৱাৰী তাৰিখে শান্তিৰ স্বাৰ্থত এনডিএফবি কেইবাটাও গোট একত্ৰিত হৈ বিটিআৰ শান্তিচুক্তি সম্পাদিত হয় । আৰু এই শান্তিচুক্তি হোৱাৰ পাছত বিটিআৰ এলেকাত এক শান্তিৰ বাতাৱৰণ ঘূৰি আহিছে কিন্তু তাৰ মাজতো আমাৰ সমাজত একাংশ দুষ্ট প্ৰকৃতিৰ লোকে অবৈধ মৰণাস্ত্ৰ ব্যৱহাৰ কৰি অশান্তি বিয়পাবলৈ চেষ্টা কৰা পৰিলক্ষিত হৈছে ।
সামান্তৰাল ভাবে সমাজত শিশু নিৰ্যাতন অপৰাধ, যুৱ সমাজক ধ্বংসৰ মুখলৈ ঠেলি দিয়া ড্ৰাগছ প্ৰচলন, ইত্যাদি এতিয়া আমাৰ সমাজত একপ্ৰকাৰ সন্ত্ৰাসৰ পৰিবেশ সৃষ্টি কৰাত সহায় কৰে । তেনেক্ষেত্ৰত সমাজৰ পৰা সকলো ধৰণৰ হত্যা হিংসা, অপৰাধ দূৰ কৰিবলৈ সমাজত সন্ত্ৰাসবাদৰ বিৰুদ্ধে এক গণমত তৈয়াৰ কৰিবলৈ সন্ত্ৰাসবাদ বিৰোধী দিৱসৰ বহুত সহায়ক হ'ব বুলি মত প্ৰকাশ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/07/73070bd2-3805-40f1-9e38-0bb4b23737b8-1024x461.jpg)
আজিৰ এই সন্ত্ৰাসবাদ বিৰোধী দিৱসৰ গণস্বাক্ষৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে চিদলীৰ বিধায়কৰ জয়ন্ত বসুমতাৰী, কোকৰাঝাৰ পূৱৰ বিধায়ক লৰেন্স ইছলাৰী, কাৰ্য্যবাহী সদস্য ৰঞ্জিত বসুমতাৰীয়ে, শান্তিৰ প্ৰতীক হিচাপে বগা পাৰ চৰাই আৰু বগা বেলুন আকাশত উৰুৱাই দিয়ে বড়ো সাহিত্য সভাৰ সভাপতি তৰেন বসুমতাৰী আৰু উপ-সভানেত্ৰী ৰমেলা ইশ্লাৰীয়ে ।
অনুষ্ঠানত বিটিচিৰ কেইবাজনো পাৰিষদ, প্ৰাক্তন বিধায়কসহ অন্যান্য বহু আমন্ত্ৰিত অতিথি উপস্থিত থাকে । পৰবৰ্তী সময়ত জৌহৌলাও স্বৌমব্লা বসুমতাৰী উদ্যানত এক আলোচনা চক্ৰ অনুষ্ঠিত হয় । উক্ত আলোচনা চক্ৰত বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকে অসম আৰক্ষীৰ বিশেষ শাখাৰ সহকাৰী আৰক্ষী সঞ্চালক প্ৰধান হীৰেন নাথ ।