/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/05/8a752593-6220-4d4e-89e8-230453387449.jpg)
ডিজিটেল সংবাদ, বঙাইগাঁওঃ কইনা ঘৰত গৈ ককায়েকৰ বিয়াৰ আনন্দ লোৱা নহ'ল বেদান্তৰ ৷ ককায়েকৰ কইনা আনিবলৈ যোৱাৰ পথত হোৱা ভয়ংকৰ দূৰ্ঘটনাত প্ৰাণ হেৰুৱালে বেদান্তই ৷ বুধবাৰে ৰাতিপুৱা বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ শিঙিমাৰীৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এক ভয়ংকৰ পথ দূৰ্ঘটনা ৷ যোৰহাটৰ পৰা ধুবুৰীৰ গৌৰীপুৰলৈ কইনা আনিবলৈ যোৱা এ এচ ০৩ বিচি ৬৫৬৬ নম্বৰৰ বিবাহযাত্ৰী কঢ়িয়াই অনা যাত্ৰীবাহী বাছ দূৰ্ঘটনাগ্ৰস্থ হয় ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/05/40aec6a2-dddc-43b8-82b8-12ae50271d6d-1024x768.jpg)
পথৰ দাতিত ৰৈ থকা এগৰাকী মহিলাক মহতিয়াই নি পথৰ কাষত থকা গছত খুন্দা মাৰে বাছখনে ৷ ফলত পথচাৰী জুনু ৰায়(৪০) আৰু দৰা শৈলেশ দত্তৰ ভায়েক বেদান্ত দত্ত (৯) থিতাতে নিহত হয় ৷ আনহাতে প্ৰায় ৩০ গৰাকী যাত্ৰী আহত হয় ৷ ইয়াৰে দুজনৰ অৱস্থা সংকটজনক বুলি জানিৱ পৰা গৈছে ৷ লগে লগে আহতসকলক বঙাইগাঁও অসামৰিক চিকিৎসালয় আৰু অভয়াপুৰী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷
/https://media.assettype.com/asomiyapratidin/import/website/2019/05/149335f5-a544-4948-8a03-8705bdcd5145-1024x768.jpg)
নিহত জুনু ৰায় নামৰ মহিলাগৰাকী নিজৰ পদূলিমূৰতে থিয় হৈ আছিল বুলি জানিব পৰা গৈছে ৷ দূৰ্ঘটনাগ্ৰস্থ বাছখন তীব্ৰবেগত আছিল বুলি একাংশ লোকে জানিব দিছে ৷ ইপিনে আজি দূৰ্ঘটনা সংঘটিত হোৱা ঠাইডোখৰত প্ৰায়েই দূৰ্ঘটনা সংঘটিত হৈ থাকে বুলি স্থানীয় ৰাইজে জনাইছে ৷