ডিজিটেল ডেস্কঃ বছৰটোৰ শেষত অসমীয়া কবিতাৰ বাবে আশাৰ বতৰা। ৬৭ বছৰ গৰকা দেশৰ আগশাৰী জাৰ্নেল Indian literature ৰ বাবে নিৰ্বাচিত হৈছে নতুন প্ৰজন্মৰ কবি অভিজিত গগৈৰ কবিতা।
সাহিত্য অকাডেমিৰ দ্বাৰা প্ৰকাশিত এই জাৰ্নেলত দেশৰ আন আন ভাষাৰ প্ৰখ্যাত-পৰিচিত লেখক তথা গুণগত মান সমৃদ্ধ সাহিত্য প্ৰকাশ পাই আহিছে। দেশৰ লগতে বিশ্বৰ ভিন্ন প্ৰান্তৰ গৱেষক ছাত্ৰ-ছাত্ৰীসকলে ভাৰতীয় সাহিত্য সম্পৰ্কে গৱেষণা কৰিবলৈ এই জাৰ্নেলৰ সহায় লৈ আহিছে।
উল্লেখ্য যে নতুন বৰ্ষৰ জানুৱাৰী-ফেব্ৰুৱাৰী সংখ্যাত প্ৰকাশিত এই অসমীয়া কবিতা ইংৰাজী ভাষালৈ অনুবাদ কৰিছে বিশিষ্ট লেখক-অনুবাদক তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাধ্যাপক ড৹ বিভাস চৌধুৰীয়ে।
আনহাতে, গুৱাহাটীত অনুষ্ঠিত হৈ থকা অসম গ্ৰন্থমেলাত উপলব্ধ তথা পূৰ্বায়ণ প্ৰকাশনৰ দ্বাৰা প্ৰকাশিত "অন্য এটা দিনৰ বাবে " গগৈৰ নতুন কবিতা সংকলন।