আঢ়ৈ মাহৰ পাছত অভি-নীল কাণ্ডৰ অভিযোগনামা দাখিল কৰিব আজি

আঢ়ৈ মাহৰ পাছত অভি-নীল কাণ্ডৰ অভিযোগনামা দাখিল কৰিব আজি

author-image
asomiyapratidin
New Update
অভি-নীল কাণ্ডঃ বুধবাৰে সম্পন্ন হ’ব শুনানি

ডিজিটেল ডেস্কঃ আজি ডিফু আদালতত আৰক্ষীয়ে দাখিল কৰিব অভিজিৎ-নীলোৎপল হত্যা গোচৰৰ চাৰ্জশ্বীট। ডকমকাত সংঘটিত এই হত্যাকাণ্ডই বিশ্বজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। সোপাধৰাৰ সন্দেহত দুই প্ৰতিভাশালী যুৱক অভিজিৎ আৰু নীলোৎপলক অতি নিৰ্মমভাৱে প্ৰহাৰ কৰি হ্ত্যা কৰিছিল একাংশ গাঁওবাসীয়ে।

Advertisment

ঘটনা সংঘটিত হোৱাৰ আঢ়ৈ মাহৰ পাছত আজি আৰক্ষীয়ে দাখিল কৰিব প্ৰায় ৮০০ পৃষ্ঠাৰ অভিযোগনামা। উল্লেখযোগ্য যে, ২০১৮চনৰ ৮ জুনত সংঘটিত হৈছিল এই নিৰ্মমকাণ্ড। আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি ১২০ (বি)/১৫৩ (এ)/৫০৪/৫০৫/৫০৭ ধাৰাত ডকমকা থানাত গোচৰ ৰুজু কৰি মুঠ ৪৭জন ব্যক্তি আটক কৰিছিল।

গুৱাহাটীৰ পৰা জলপ্ৰপাত চাবলৈ যোৱা এই দুই যুৱকক সোপাধৰাৰ সন্দেহত হত্যা কৰাৰ পাছত কেৱল ভাৰততে নহয়, বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা এই বৰবৰ কাণ্ডৰ বিৰুদ্ধে কঠোৰ শাস্তি প্ৰদানৰ দাবী উঠিছিল। এই হত্যাকাণ্ড প্ৰাণ হেৰুওৱা অভিজিৎ আছিল অভিযান্তিক শিক্ষা সাং কৰি ব্যৱসায়ত নামত এজন প্ৰতিভাবান যুৱক। মহানগৰীৰ ছয়মাইলৰ চছলত আছিল  অভিজিতৰ ঘৰ।

ইফালে, নৱগ্ৰহৰ বাসিন্দা নীলোৎপল আছিল এগৰাকী প্ৰতিষ্ঠিত শিল্পী। সকলো ধৰণৰ বাদ্য বজাব পাৰিছিল নীলোৎপলে। এই দুই যৱকৰ হত্যাকাণ্ডৰ পাছতেই মহানগৰীৰ ৰাজপথতো বিশাল প্ৰতিবাদী মিছিল বাহিৰ কৰা হৈছিল।