অভয়াপুৰীৰ লেংটিছিঙা শক্তি মন্ত্ৰী নন্দিতা গাৰ্লোচাৰ পুত্তলিকা দাহ

অভয়াপুৰীৰ লেংটিছিঙা শক্তি মন্ত্ৰী নন্দিতা গাৰ্লোচাৰ পুত্তলিকা দাহ

author-image
Asomiya Pratidin
New Update
অভয়াপুৰীৰ লেংটিছিঙা শক্তি মন্ত্ৰী নন্দিতা গাৰ্লোচাৰ পুত্তলিকা দাহ

ডিজিটেল সংবাদ, অভয়াপুৰীঃ অভয়াপুৰীৰ লেংটিছিঙাত শক্তি মন্ত্ৰী নন্দিতা গাৰ্লোচাৰ পুত্তলিকা দাহ। সঘন বিদ্যুৎ কৰ্তন আৰু বিদ্যুৎ মাছুল বৃদ্ধিৰ প্ৰতিবাদত শক্তি মন্ত্ৰীৰ পুত্তলিকা দাহ আমছু’ৰ।

Advertisment

উল্লেখযোগ্য যে, অসম চৰকাৰে ২৪ ঘন্টাই বিদ্যুৎ যোগান ধৰিব বুলি প্ৰতিশ্ৰুতি দিছিল। কিন্তু বৰ্তমান সময়ত ২ ঘন্টা বিজুলী যোগান ধৰিব পৰা নাই বিভাগটোৱে। যাৰ বাবেই প্ৰচণ্ড গৰমত জ্বলাকলা খাবলগীয়া হৈছে ৰাজ্যৰ সাধাৰণ ৰাইজ।

ফলস্বৰূপে আজি ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে অভয়াপুৰীৰ লেংটিছিঙাত আমছুৰ উদ্যোগত শক্তি মন্ত্ৰী নন্দিতা গাৰ্লোচাৰ পুত্তলিকা দাহ কাৰ্যসূচী ৰূপায়ণ কৰে।

কাৰ্যসূচীত আমছুৰ একাংশ সমৰ্থকে শক্তি মন্ত্ৰী গৰাকীৰ পুত্তলিকা দাহ কৰি নন্দিতা গাৰ্লোচা গো বেক, শক্তি মন্ত্ৰীৰ কাম নাই, নন্দিতা গাৰ্লোচা মুৰ্দাবাদ, শক্তি বিভাগ হায় হায়,অসম চৰকাৰ হায় হায়, আদি ধ্বনিৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

Also Read: ১১৮ বছৰীয়া কাজিৰঙাৰ ইতিহাসত প্ৰথমবাৰৰ বাবে সঞ্চালকৰ দায়িত্ব ল'লে এগৰাকী মহিলাই