জুৱা খেলৰ মাজতে মাৰপিট, মৃত্য়ু এজনৰ

জুৱা খেলৰ বাবে হোৱা মাৰপিটৰ ঘটনাত প্রাণ গ’ল এজন লোকৰ। নিহত লোকজনৰ নাম পূজাৰু নাথ।

author-image
Asomiya Pratidin
New Update
জুৱা খেলৰ মাজতে মাৰপিট, মৃত্য়ু এজনৰ

ডিজিটেল ডেস্কঃ বঙাইগাঁৱৰ অভয়াপুৰীৰ চৌটাকীত বুধবাৰে সংঘটিত হয় এক ভয়ংকৰ ঘটনা। জুৱা খেলৰ বাবে হোৱা মাৰপিটৰ ঘটনাত প্রাণ গ’ল এজন লোকৰ। নিহত লোকজনৰ নাম পূজাৰু নাথ।

অভিযোগ অনুসৰি মনেশ্বৰ ৰায় নামৰ লোকজনে আক্রমণ কৰিছিল পূজাৰুক। দাৰে ঘপিওৱাৰ ফলত গুৰুতৰভাৱে আহত হৈছিল পূজাৰু নাথ। ১৫ মে’ত জগদীশ ৰায় নামৰ লোকজনৰ দোকানত সংঘটিত হৈছিল এই ঘটনা।

তাৰ পাছতে আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। আজি হত্যাকাৰী মনেশ্বৰ ৰায়ক আটক কৰে আৰক্ষীেয়।

Also Read: ঢকুৱাখনাৰ মৃত্যুঞ্জয় কৰ্মীৰ মৃত্যু ঘটনাৰ তদন্ত অব্যাহত আৰক্ষীৰ