
ডিজিটেল সংবাদ, বঙাইগাঁওঃ ৰাজ্যত পুনৰ মৰেল পুলিচৰ ঘটনা। এইবাৰ ঘটনাৰ স্থান অভয়াপুৰীৰ চৌটাকী৷ জানিব পৰা মতে নিশা ৮ মান বজাত চৌটাকীৰ মাজেৰে পাৰ হৈ যোৱা ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত এখন গৰাকীবিহীন পালছাৰ বাইক প্ৰত্যক্ষ কৰে চৌটাকীৰ একাংশ লোকে৷ ইফাল সিফালে বিচাৰ খোছাৰ কৰাত কিছু দূৰৈত এহাল যুৱক-যুৱতীক প্ৰত্যক্ষ কৰে৷ লগে লগে তাত উপস্থিত থকা একাংশ লোকে ঘটনাৰ কোনো সোধপোচ নকৰাকৈ যুৱক-যুৱতীহালক প্ৰহাৰৰ উদ্দেশ্যৰে খেদি যায়।
ইফালে প্ৰাণৰ মমতাত যুৱক-যুৱতীহালে পথাৰৰ মাজেৰে দৌৰে যদিও লোকসকলে কৰায়ত্ত কৰি উত্তম মাধ্যম সোধায়৷ ফলত যোগীঘোপাৰ ভট্টাচাৰ্য উপাধিৰ যুৱকজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। আনহাতে যুৱতীগৰাকীকো একাংশ পুৰুষে মাৰপিট কৰাৰ অভিযোগ উঠিছে৷
পিছত ঘটনাস্থলীত উত্তৰ শালমাৰা আৰক্ষী উপস্থিত হৈ যুৱক-যুৱতীহালক উদ্ধাৰ কৰে৷ ইপিনে তেওঁলোকক অসামাজিক কাৰ্যকলাপ কৰি থকা অৱস্থাত দেখাৰ বাবে প্ৰহাৰ কৰা বুলি একাংশ লোকে জানিবলৈ দিছে যদিও যুৱক-যুৱতীহালে কোনো কোনোধৰণৰ অসামাজিক কাৰ্যকলাপত ব্যস্ত থকাৰ কথা অস্বীকাৰ কৰিছে৷ স্বাভাৱিকতে আইন হাতত তুলি লোৱা এইসকল উন্মাদ লোকৰ বিৰুদ্ধে আৰক্ষীয়ে কি ভূমিকা লয় সেয়া লক্ষণীয় হ'ব৷