অৰুণাচলৰ পৰা ৩৫হাজাৰ লোক বিতাড়িত, ১ লাখৰ পলায়ন, ঘৰে ঘৰে চলিব ‘ক্লিন অৰুণাচল’ অভিযান

অৰুণাচলৰ পৰা ৩৫হাজাৰ লোক বিতাড়িত, ১ লাখৰ পলায়ন, ঘৰে ঘৰে চলিব ‘ক্লিন অৰুণাচল’ অভিযান

author-image
asomiyapratidin
New Update
অৰুণাচলৰ পৰা ৩৫হাজাৰ লোক বিতাড়িত, ১ লাখৰ পলায়ন, ঘৰে ঘৰে চলিব ‘ক্লিন অৰুণাচল’ অভিযান

ডিজিটেল সংবাদ, ইটানগৰঃ অৰুণাচলপ্ৰদেশ ছাত্ৰ সন্থাই ৰাজ্যখনত বসবাস কৰি থকা অবৈধ অনুপ্ৰবেশকাৰীৰ বিৰুদ্ধে আৰম্ভ কৰা 'ক্লিন অৰুণাচল' অভিযান সাময়িকভাবে স্থগিত ৰাখিছে যদিও অতি শীঘ্ৰেই এই অভিযান পুনৰ আৰম্ভ কৰিব।  অৰুণাচল প্ৰদেশ ছাত্ৰ সন্থাৰ সভাপতি হাৱা বাগাঙে এক সংবাদমেলত এই কথা প্ৰকাশ কৰি কয় যে, এইবাৰ 'ক্লিন অৰুণাচল' অভিযান সমগ্ৰ অৰুণাচল প্ৰদেশতে প্ৰত্যেক ঘৰে ঘৰে গৈ আৰম্ভ কৰিব।

অৰুণাচল প্ৰদেশত যোৱা ১৭ আগষ্টৰ পৰা চলোৱা 'ক্লিন অৰুণাচল' অভিযানত অবৈধভাৱে ৰাজ্যখনত প্ৰৱেশ কৰা হাজাৰৰো অধিক লোকক আপছুৱে চিনাক্ত কৰি আৰক্ষীক চমজাই দিয়া বুলিও সভাপতি বাগাঙে জানিবলৈ দিয়ে। কিন্তু তাৰ পাছতো ৰাজ্যখনত লক্ষাধিক লোক বিনা পাৰপত্ৰৰে বসবাস কৰি আছে বুলি প্ৰকাশ কৰি তেওঁ কয় যে, বহু চৰকৰী বিষয়া, ঠিকাদাৰ, আমোলা আৰু ধনী ব্যক্তিয়ে ৰাজ্যখনত এনেদৰে অবৈধভাবে বাহিৰৰ লোকক আনি সংস্থাপিত কৰিছে।

সেয়ে এই বিয়াগোম বিষয়া-ঠিকাদাৰৰ বিৰুদ্ধেও আপছুৱে অভিযান আৰম্ভ কৰিব।  তেওঁ লগতে জনায় যে, আপছুৰ হাতত ধৰা পৰা অবৈধ অনুপ্ৰবেশকাৰী সকলৰ অধিকাংশক অৰুণাচলী মানুহেই ৰাজ্যখনলৈ আনি বিভিন্ন কামত নিয়োজিত কৰিছে আৰু সমস্যাৰ সৃষ্টি কৰিছে। বিশেষকৈ অৰুণাচলৰ লোহিত জিলাৰ টেজুত প্ৰায় ৭০ শতাংশ লোক ৰাজ্যখনৰ বাহিৰৰ পৰা অহা অৰু তেওঁলোকেই টেজুত বিধায়ক নিৰ্বাচিত কৰে।

স্থানীয় অৰুণাচলী লোকৰ অধিকাৰৰ প্ৰতি ভাবুকি সৃষ্টি কৰা এই অনা অৰুণাচলী লোক সকলৰ ইনাৰ লাইন পাৰ্মিটত বহু বিসংগতি থকা বুলি তেওঁ জানিবলৈ দিয়ে আৰু স্থানীয় ৰজনৈতিক নেতা সকলেই এনে অবৈধ অনুপ্ৰবেশকাৰীক সুৰক্ষা দিবলৈ উঠিপৰি লাগিছে বুলি প্ৰকাশ কৰে।

উল্লেখ্য যে, অৰুণাচল প্ৰদেশৰ লোহিত জিলাত অসমৰ এন আৰ চি ভেৰিফিকেছনৰ বাবে পঠিওৱা প্ৰায় ৩৫,০০০ লোকৰ অধিকাংশৰে অসমৰ লগত কোনো সম্পৰ্ক নাই। অসমৰ সম্পৰ্কীয় কোনো তথ্য জিলা প্ৰশাসনক দাখিল কৰিব পৰা নাই তেওঁলোকে।  নেপাল আৰু অসমৰ কৰিমগঞ্জ জিলাৰ বুলি চিনাকি দিয়া বহু লেকে অসমৰ এন আৰ চিত নাম উঠাবৰ বাবে জিলাখনত তৎপৰ হৈ পৰিছে বুলিও অভিযোগ উঠিছে।

কিন্তু ৰাজনৈতিক হস্তক্ষেপত জিল প্ৰশাসনে এন আৰ চি ভেৰিফিকেচনত তেওঁলোকক অসমৰ নাগৰিক বুলি প্ৰমাণপত্ৰ দি অসমৰ এন আৰ চি কৰ্তৃপক্ষলৈ প্ৰেৰণ কৰাৰো গুৰুতৰ অভিযোগ উত্থাপন হৈছে।

আনহাতে, সদৌ অৰুণাচল প্ৰদেশ ছাত্ৰ সন্থাই অৰুণাচলৰ পৰা বিতাড়িত কৰা অবৈধ অনুপ্ৰবেশকাৰীয়ে আপছুৰ বিৰুদ্ধে মিছা অভিযোগ দিয়া বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। তেওঁ কয় যে, অৰুণাচল প্ৰদেশত মছজিদ, মন্দিৰ, গীৰ্জা সকলো আছে আৰু ভাৰতৰ বিভিন্ন স্থানৰ লোকে মিলাপ্ৰীতিৰে বসবাস কৰি আছে।

এনেস্থলত যিসকল লোকে অৰুণাচল প্ৰদেশত অবৈধভাবে প্ৰবেশ কৰিছে তেওঁলোকহে আপছুৱে চিনাক্ত কৰি আৰক্ষীক চমজাই দিছে বুলি স্পষ্ট কৰি দিছে।  আপছু সভাপতিজনৰ বিস্ফোৰ ঘোষণা- আপছুৰ অভিযান ঘোষণা হোৱাৰ পাছত এক লাখৰো অধিক লোকে ৰাজ্যখন ত্যাগ কৰিছে।