গোলাঘাটত আপৰ সংবাদমেল, পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছ, বিজেপি, অগপক উৎখাতৰ হুংকাৰ

গোলাঘাটত আপৰ সংবাদমেল, পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছ, বিজেপি, অগপক উৎখাতৰ হুংকাৰ

author-image
asomiyapratidin
New Update
গোলাঘাটত আপৰ সংবাদমেল, পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছ, বিজেপি, অগপক উৎখাতৰ হুংকাৰ

ডিজিটেল সংবাদ, গোলাঘাটঃ পঞ্চায়ত নিৰ্বাচনৰ দিন চমু চপাৰ লগে লগে নিৰ্বাচনৰ বাবে প্ৰস্তুত হৈছে বিভিন্ন দল-সংগঠন। এই অনুসৰি সোমবাৰে গোলাঘাটত এখন সংবাদমেলৰ আয়োজন কৰে আম আদমি পাৰ্টীয়ে। সংবাদমেলত বিজেপি, অগপ তথা কংগ্ৰেছক উত্‍খাত কৰাৰ হুংকাৰ দিয়ে দলটোৱে। ২০১৯ৰ লোকসভা নিৰ্বাচনত অসমৰ আটাইকেইটা সমষ্টিতে আম আদমী পাৰ্টিয়ে প্ৰাৰ্থী থিয় কৰাব বুলিও জানিবলৈ দিয়ে।

ইফালে, নিৰ্বাচনত অৱতীৰ্ণ হৈ দলটোৱে সুন্দৰ ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব বুলিও দৃঢ় বিশ্বাস প্ৰকাশ কৰে। আনহাতে, সংবাদমেলত আপৰ গোলাঘাট জিলা সমিতিৰ সভাপতি চেলিম আলী আৰু সাধাৰণ সম্পাদিকা জোনমণি গগৈয়ে কয় যে ২০২১ৰ সাধাৰণ নিৰ্বাচনতো ৰাজ্যৰ ১২৬টা সমষ্টিতে দলটোৱে প্ৰাৰ্থিত্ব আগবঢ়াব৷