এএজিএলৰ জৰিয়তে কৃষি উদ্যোগীলৈ সহযোগিতা…

এএজিএলৰ জৰিয়তে কৃষি উদ্যোগীলৈ সহযোগিতা…

author-image
asomiyapratidin
New Update
এএজিএলৰ জৰিয়তে কৃষি উদ্যোগীলৈ সহযোগিতা…

প্ৰতীকি ফটো

ডিজিটেল ডেস্কঃ অসম কৃষি বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তৰ প্ৰকল্প চমুকৈ 'এপাৰ্ট'ৰ অধীনৰ এক ধ্বজাবাহী কাৰ্যসূচী হৈছে আছাম এগ্ৰিবিজনেছ গ্ৰ'থ লেব (এএজিএল)। ইতিমধ্যে এই কাৰ্যসূচীৰ আনুষ্ঠানিক শুভাৰম্ভ কৰা হৈছে। অসম কৃষি আৰু কৃষি সম্বন্ধীয় ক্ষেত্ৰসমূহত সজাগতা আৰু সুযোগ সৃষ্টি তথা কৃষি বাণিজ্যৰ উন্নীতকৰণৰ উদ্দেশ্যে এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰাহৈছে। পৰম্পৰাগত জ্ঞান সমৰ্থনৰ জৰিয়তে এই প্ৰকল্পৰ সহযোগী ৰূপায়নকাৰী হিচাপে আছে আই চি চি এছ পি এল।

Advertisment

চাৰি বছৰৰ ভিতৰত এই কাৰ্যসূচীৰ জৰিয়তে অসমৰ কৃষি আৰু আনুসংগিক ক্ষেত্ৰৰ ১০০ প্ৰতিষ্ঠানলৈ সহযোগিতা আগবঢ়োৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। উৎসাহৰ কথা যে ইয়াৰ ৩০ শতাংশ হ'ব মহিলাই নেতৃত্ব দিয়া প্ৰতিষ্ঠান। অৰ্থাৎ ইয়াৰ জৰিয়তে ৰাজ্যৰ মহিলা সবলীকৰণৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰা হৈছে। এই আঁচনিৰ সুবিধা লাভ কৰিবলগীয়া উদ্যোগীসকলক বিশেষজ্ঞৰ দ্বাৰা পৰ্যবেক্ষণ, বাণিজ্যিক সেৱা, প্ৰযুক্তিগত সহযোগিতা আদি আগবঢ়োৱা হ'ব।

ইয়াৰ জৰিয়তে ৰাজ্যৰ বিভিন্ন অঞ্চলত থকা কৃষি উদ্যোগীসকল বিশেষকৈ গ্ৰামাঞ্চলৰ উদ্যোগীসকলক বজাৰৰ প্ৰসাৰ, উৎপাদিত সামগ্ৰীৰ মূল্য সংবৰ্ধন আদিৰ জৰিয়তে তেওঁলোকৰ উৎকৰ্ষতা বৃদ্ধি প্ৰয়াস কৰা হৈছে। অসমত এই কাৰ্যসূচীৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে ইতিমধ্যে তিনিটা ৰোড শ্ব আৰু দুখন ৱেবিনাৰৰ আয়োজন কৰা হৈছে। ৰাজ্যৰ তিনিটা ভৌগলিক এলেকাত প্রধান জিলা সমূহক সামৰি কৰা এই প্ৰচাৰৰ উদ্দেশ্য হৈছে যোগ্য কৃষি উদ্যোগীসকলক এএজিএল কাৰ্যসূচীৰ অংশীদাৰ হোৱাৰ বাবে উৎসাহিত কৰা।

এই ভাৰ্চুৱেল প্ৰচাৰ কাৰ্যসূচীত প্ৰায় ৩২০ গৰাকী উদ্যোগীয়ে অংশগ্ৰহণ কৰে আৰু ইয়াৰ ফলস্বৰূপে ২০৫টা প্ৰতিষ্ঠানে এএজিএল কাৰ্যসূচীৰ বাবে আৱেদন কৰে। ইয়াৰ ১৯৫টা প্ৰতিষ্ঠানক মূল্যায়ন প্ৰক্ৰিয়াৰ বাবে চমু তালিকাভুক্ত কৰা হয় । ৰাজ্যৰ প্ৰায় ২৩খন জিলাৰ পৰা অহা আৱেদনকাৰীসকলৰ মাজৰ পৰা তিনিটা ৰাউণ্ডৰ বাচনি প্ৰক্ৰিয়া ফাইনেলত ৰাউণ্ডত ৫৫টা প্ৰতিষ্ঠানে অংশগ্ৰহণ কৰে আৰু ইয়াৰ পৰা এএজিএলৰ প্রথম সহযোগৰ বাবে ২৭টা প্ৰতিষ্ঠানক নিৰ্বাচিত কৰা হৈছে। এএজিএলৰ প্রথম সহযোগৰ বাবে নিৰ্বাচিত প্ৰতিষ্ঠান সমূহৰ ভিতৰত জুহাল ডট কম, একুৱা ব্লু গ্ৰুপ, মাৰ্ভেলা,স দীপশিখা মাশ্বৰুম আদি অন্যতম।