ব’লবমলৈ গৈ নৈত উটি গ’ল ২ কিশোৰঃ ১১ বছৰীয়া আশীষৰ সন্ধানত অব্যাহত আছে উদ্ধাৰ অভিযান…

ব’লবমলৈ গৈ নৈত উটি গ’ল ২ কিশোৰঃ ১১ বছৰীয়া আশীষৰ সন্ধানত অব্যাহত আছে উদ্ধাৰ অভিযান…

author-image
asomiyapratidin
New Update
ডাইনী সন্দেহত মহিলাক অৰ্ধ উলংগ কৰি অমানুষিক অত্যাচাৰৰ

ডিডিটেল ডেস্কঃ ব'লবমৰ নামত ৰাজ্যৰ বিভিন্ন প্ৰান্তত সংঘটিত হৈ থকা অপ্ৰীতিকৰ পৰিস্থিতিৰ মাজতে লখিমপুৰত সংঘটিত হৈছে এক অঘটন। ব'লমবলৈ গৈ সন্ধানহীন হৈছে এটি ১১ বছৰীয়া কিশোৰ।

ঘটনাৰ বিৱৰণ অনুসৰি লখিমপুৰৰ দুটি শিশু ব'লবমলৈ গৈ ৰঙানদীত উটি যায়। ইয়াৰ পিছতে উদ্ধাৰ অভিযান চলাই এটি শিশুক উদ্ধাৰ কৰি হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে যদিও আন এটি শিশু এটিয়াও সন্ধানীহন হৈ আছে।

সন্ধানহীন শিশুটিৰ নাম আশীষ ঠাকুৰ। আশীষৰ সন্ধান বিচাৰি এছ ডি আৰ এফ বাহিনীয়ে চলাই আছে উদ্ধাৰ অভিযান। সপ্তম শ্ৰেণীৰ ছাত্ৰ আছিল আশীষ। জানিব পৰা মতে দুয়োৱে নদীত গা ধুই থকাৰ সময়তে এই অঘটন সংঘটিত হয়।