
ডিজিটেল সংবাদ মৰিয়নিঃ ডেৰশবছৰীয়া ইতিহাস সজীৱ কৰিবলৈ চুবুৰীয়া নগা ৰাজ্যৰ যুৱক-যুৱতীসকলে গ্ৰহণ কৰিছে এক বিশেষ পদক্ষেপ। ১৮৭২ চনত নগা ভূমিত খ্ৰীষ্টিয়ান মিছনেৰি ড° ই ডব্লিউ ক্লাকে প্ৰথমটো বাপ্টিষ্ট চাৰ্চ স্থাপন কৰিছিল। শিৱসাগৰ নগৰৰ পৰা যাত্ৰা কৰি আমেৰিকান মিছনেৰি ডব্লিউ ক্লাকে নাগালেণ্ডৰ মোককচাঙ জিলাৰ তিৰু নদীৰ কাষত নিশা কটাই পদব্ৰজে ঘন জংঘলৰ এটা দুৰ্গম গিৰিপথ অতিক্ৰম কৰি ১৮৭২ চনৰ ১৮ ডিচেম্বৰত উপস্থিত হৈছিল মুলুঙকিমঙ নামৰ নগা বস্তি খনত। সেই বস্তিখনত নাগালেণ্ডৰ আও জনগোষ্ঠীৰ প্ৰথমটো গীৰ্জা স্থাপন কৰিছিল ক্লাক নামৰ আমেৰিকান ধৰ্ম প্ৰচাৰকজনে।
সেই সময়ত আমেৰিকান ধৰ্মপ্ৰচাৰক ডব্লিই ই ক্লাকক শিৱসাগৰৰ হালোৱাটিঙৰ গধুলাবাবু নামৰ অসমীয়া লোকজনে নগা বস্তিখনৰ চুপুঙমেৰন নামৰ লোকজন সৈতে যোগাযোগ কৰি দিছিল।গাঁওখনত থকা ড° ডব্লিউ ই ক্লাকৰ স্মৃতি সৌধত অসমৰ গধুলাবাবুৰ প্ৰতিমূৰ্তি সুন্দৰকৈ সংৰক্ষণ কৰি ৰাখিছে মুলুঙকিমঙ গাওঁবাসীয়ে। ইয়াৰোপৰি তিৰু নদীৰ কাষৰ ঐতিহাসিক ক্ৰাচপুল নামৰ গিৰিপথটোৰ আছে আন এক পৰিচয়।আহোম ৰাজত্ব কালত এই পথটোৰে অসমৰ লগত বিনিময় প্ৰথা প্ৰচলিত আছিল চুবুৰীয়া নগাসকলৰ।
সম্প্ৰতি পৰ্যটকসকলকৰ বাবে আকৰ্ষণীয় এই ঐতিহাসিক গিৰিপথটোৱেদি ডিমাপুৰস্থিত আও ব্যাপ্তিষ্ট যুৱ সমাজৰ উদ্যোগত যুৱক যুৱতীসকলে ডেৰশ বছৰীয়া ইতিহাস সুঁৱৰি তিৰু নদীৰ কাষৰ গিৰিপথেদি পদব্ৰজে মুলুঙকিমঙ নামৰ বস্তিখনৰ ঐতিহাসিক গীৰ্জাটোলৈ পদযাত্ৰা কৰি উপস্থিত হয়। উল্লেখ্য যে, মুলুঙকিমঙ গাঁওখনৰ সমীপৰ এটা পাহাৰত দ্বিত্বীয় বিশ্ব যুদ্ধৰ সময়ত আমেৰিকাৰ এখন বিমান USAAF AIRCRAFT F7A দুৰ্ঘটনাগ্ৰস্ত হৈ ১২ জন আমেৰিকান সৈনিকে মৃত্যুক আকোঁৱালী লৈছিল।এই দুৰ্ঘটনাস্থলীক নগালেণ্ড চৰকাৰে WORLD WAR 2ND HERITAGE SITE ৰূপে ঘোষণা কৰি পৰ্যটনস্থলী গঢ়ি তুলিছে।
মনকৰিবলগীয়া যে, মোককচাঙ জিলাৰ মুলুঙকিমঙ বস্তিখনৰ নগা ৰাইজৰ সৈতে আহোম স্বৰ্গদেউসকলৰ আছিল এক সুসম্পৰ্ক।আহোম ৰাজত্ব কালত ৰংঘৰ বাকৰিত সমবেত হোৱা নগা বস্তিৰ লোকসকলক আহোম ৰজাই এটা বলধ গৰু প্ৰদান কৰিছিল।ৰছী খুলি এৰি দিয়া বৃহদাকাৰ বলধ গৰুটো মুলুঙকিমঙ বস্তিৰ কেইজনমান ডেকাই ধৰিবলৈ সক্ষম হোৱাত স্বীকৃতিৰ চিন স্বৰূপে মুলুঙকিমঙ বস্তিখনক আহোম ৰজাই ডেকাহাইমঙ অৰ্থাৎ শক্তিশালী ডেকাৰ গাঁও নামেৰে নামাকৰণ কৰিছিল।
মুলুঙকিমঙ বস্তিৰ মুৱালিবা নামৰ ব্যক্তিজনে আহোম ৰজাই বস্তিখনৰ নাম ডেকাহাইমন নামেৰে স্বীকৃতি দিয়া কথা সাংবাদিকৰ আগত ক'বলৈ পাই বহুত সুখী অনুভৱ কৰা বুলি উল্লেখ কৰে। আজিও নগা গাঁওখনৰ প্ৰৱেশ পথত থকা তোৰণকে ধৰি বিভিন্ন স্থানত আহোম ৰজাই প্ৰদান কৰা ডেকাহাইমঙ নামটো বিৰাজমান।মুলুঙকিমঙ গাঁওবাসীয়ে আহোমৰজাৰ লগত থকা সম্পৰ্কৰ বিষয়ে গৌৰৱৰে আজিও স্মৰন কৰি অসমৰ লগত সদায় সংঘাতৰ বিপৰীতে ভাতৃত্ববোধ আৰু সুসম্পৰ্ক বৰ্তাই ৰখাৰ বিষয়ে প্ৰকাশ কৰে।