/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/04416d7c-8fb9-476a-a0f3-0ba9d1b9abf9/9.jpg)
ডিজিটেল সংবাদ, শিলচৰঃ ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই অসম ৰাইফলছ আৰু কাছাৰ আৰক্ষীয়ে বৃহস্পতিবাৰে বুজন পৰিমাণৰ ব্ৰাউন চুগাৰ জব্দ কৰিছে। কাছাৰৰ ধলাইৰ হাৱাইথাঙত অভিযান চলাই এজন ড্ৰাগছ সৰবৰাহকাৰীৰ পৰা ৩০ টকা ব্ৰাউন চুগাৰ ভৰ্তি চাবোনৰ বাকচ জব্দ কৰা হয়। বাকচ কেইটাৰ পৰা মুঠ ৩১৮ গ্ৰাম ব্ৰাউন চুগাৰ জব্দ কৰা হয়।
নিষিদ্ধ ব্ৰাউন চুগাৰ সৰবৰাহৰ অভিযোগত আৰক্ষীয়ে মীৰা হুছেইন নামৰ সৰবৰাহকাৰী জনক গ্ৰেপ্তাৰ কৰে। ধৃত মীৰা হুছেইনৰ ঘৰ উত্তৰ লাইলাপৰত বুলি জানিবলৈ দিছে আৰক্ষীয়ে। জব্দ কৰা ব্ৰাউন চুগাৰৰ বজাৰ মুল্য কেবা লাখ টকা হ'ব বুলি অনুমান কৰা হৈছে।
Also Read: গোলাঘাটত জ্বলাই দিয়া হ'ল কোটি টকাৰ নিচাযুক্ত সামগ্ৰী...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
/asomiyapratidin/media/member_avatars/a-/AFdZucrahs0cQJtCvPJgez1pmKf-b8DYLM8QcmdGGzcV=s96-c.jpeg )
 Follow Us
 Follow Us