প্ৰাক্তন এনডিএফবি সকলৰ পুনঃসস্থাপনৰ লৈ অসন্তুষ্ট প্ৰাক্তন এনডিএফবি ৰ চাৰিওটা গোটৰ যৌথ সংবাদ মেল...

চিৰাং জিলাৰ লাহোটিত সোমবাৰৰ দিনা এক সংবাদ মেল অনুষ্ঠিত কৰি প্ৰাক্তন এনডিএফবিৰ চাৰিওটা ফৈদৰ হৈ প্ৰাক্তন এনডিএফবি নেতা শান্তুৰাম ৰাভা ওৰফে দুদুমাৰিয়ে চৰকাৰক উদ্দেশ্যি বিভিন্ন প্ৰশ্ন উত্থাপন কৰে

author-image
Asomiya Pratidin
New Update
প্ৰাক্তন এনডিএফবি সকলৰ পুনঃসস্থাপনৰ লৈ অসন্তুষ্ট প্ৰাক্তন এনডিএফবি ৰ চাৰিওটা গোটৰ যৌথ সংবাদ মেল...

প্ৰাক্তন এনডিএফবি

ডিজিটেল সংবাদ, চিৰাংঃ চিৰাং জিলাৰ লাহোটিত সোমবাৰৰ দিনা এক সংবাদ মেল অনুষ্ঠিত কৰি প্ৰাক্তন এনডিএফবিৰ চাৰিওটা ফৈদৰ হৈ প্ৰাক্তন এনডিএফবি নেতা শান্তুৰাম ৰাভা ওৰফে দুদুমাৰিয়ে চৰকাৰক উদ্দেশ্যি বিভিন্ন প্ৰশ্ন উত্থাপন কৰে ।

Advertisment

এক দীঘলীয়া সশস্ত্ৰ সংগ্ৰামৰ অন্ত পেলাই কেৱল শান্তিৰ হকে মূলসূঁতিলৈ উভতি অহা প্ৰাক্তন এনডিএফবিৰ পুনঃসস্থাপনৰ ব্যবস্থা আৰু শান্তিচুক্তি ৰূপায়নক লৈ বিটিচি প্ৰশাসন তথা এনডিএফবি প্ৰাক্তন নেতা গোবিন্দ বসুমতাৰী, ৰঞ্জিত বসুমতাৰী আৰু বিটিচি প্ৰধান প্ৰমোদ বড়োলৈ কেইবাটাও মুকলি প্ৰশ্ন উত্থাপন কৰে ।

স্বাধীন বড়োলেণ্ড দাৱীৰে দীঘলীয়া সশস্ত্ৰ সংগ্ৰামৰ অন্ত পেলাই ২০২০ চনৰ ২৭ জানুৱাৰী বিটিআৰ শান্তিচুক্তিৰ জৰিয়তে মূলসুঁতিলৈ উভতি আহিছিল এনডিএফবি বিদ্ৰোহী সংগঠনৰ গোবিন্দ বসুমতাৰী গোট, ৰঞ্জন দৈমাৰী গোট, ছাউৰাইগ্ৰা গোট আৰু ধীৰেন বড়ো গোট মিলি মুঠ চাৰিওটা গোট ।

যৌথ সংবাদ মেল
যৌথ সংবাদ মেল

কিন্তু বিটিআৰ শান্তিচুক্তিৰ পিছত প্ৰাক্তন এনডিএফবি সদস্যৰ সকলৰ সঠিক পুনঃসস্থাপন, উপযুক্ত সকলক চাকৰিত মকৰল কৰা আৰু বিটিআৰ শান্তিচুক্তিৰ আধাৰত গোচৰ মুক্ত কৰা আদি কোনো এটা সমস্যা সঠিক ভাৱে সমাধান কৰা হোৱা নাই বুলি সংবাদ মেলত অভিযোগ কৰে।

এতিয়াও পুনঃসস্থাপনৰ কথা কৈ ভেৰিফিকেচনৰ নামত আজিও প্ৰাক্তন এনডিএফবি সদস্য সকলক সময়ে সময়ে আৰক্ষীয়ে হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন কৰে ।

চৰম আৰ্থিক সংকটত ভুগি এনডিএফবিৰ প্ৰাক্তন নেতা সদস্য সকলে নিজৰ সা-সম্পত্তি বিক্ৰী কৰি গোচৰত হাজিৰ হব লগা হৈছে বুলি সংবাদ মেলত আক্ষেপৰ সৈতে প্ৰকাশ কৰে ।

আজিৰ সংবাদ মেলত প্ৰাক্তন এনডিএফবি নেতা সমৰ বসুমতাৰী ওৰফে জৰ্দানফোৰ কয় যে পুনঃসস্থাপনৰ নামত যিখিনি আৰ্থিক সাহাৰ্য্য ঋণ হিচাপে আগবঢ়াইছিল তাৰ সম্পূৰ্ণ ধন এতিয়াও আদায় দিয়া হোৱা নাই বুলি উল্লেখ কৰে ।

সংবাদ মেল
সংবাদ মেল

যাৰ কাৰণে প্ৰাক্তন এনডিএফবি সদস্যসকল বৰ্তমান সময়ত তীব্ৰ আৰ্থিক সংকটত ভুগিব লগা হৈছে । প্ৰায় আঠ শতাধিক প্ৰাক্তন এনডিএফবি সদস্যই এতিয়ালৈকে পুনঃসস্থাপনৰ ব্যবস্থাৰ পৰা বঞ্চিত হৈ আছে বুলি উল্লেখ কৰে ।

দুৰ্ভাগ্যজনক কথা যে ভাষণত বিটিচি প্ৰধান প্ৰমোদ বড়ো, প্ৰাক্তন এনডিএফবি নেতা গোবিন্দ বসুমতাৰী, ফেৰেঙ্গা ওৰফে ৰঞ্জিত বসুমতাৰীয়ে প্ৰাক্তন এনডিএফবি সকলৰ পুনঃসস্থাপনৰ কাম ঠিকেই চলি আছে বুলি কয় ।

কিন্তু প্ৰকৃতাৰ্থত প্ৰাক্তন এনডিএফবি সকলৰ পুনঃসস্থাপনৰ বিষয়টো লৈ বৰ্তমানৰ বিটিআৰ চৰকাৰ বা অসম চৰকাৰে যি ধৰণেৰে কাম কৰি আছে তাক লৈ অসন্তুষ্টি প্ৰকাশ কৰে ।

প্ৰাক্তন এনডিএফবি সদস্য সকলৰ পুনঃসস্থাপনৰ সৈতে জড়িত বিষয়সমূহ যদি অতি সোনকালে পূৰণ নকৰে তেনেহলে অনাগত দিনত ৰাজপথ, বিটিচি সচিবালয়ৰ সন্মুখত ধৰ্ণাত বহি আন্দোলন কৰিব বুলি সংবাদ মেলত হুংকাৰ প্ৰদান কৰে প্ৰাক্তন এনডিএফবিৰ নেতা গৰাকীয়ে ।

Also Read: হেমকোষৰ ব্ৰেইল সংস্কৰণে লাভ কৰিলে গীনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডৰ স্বীকৃতি...

#EXNDFB