/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/09/murder-doc-accident-donald-trump-face.jpg)
প্ৰতীকি ফটো
ডিজিটেল ডেস্কঃ মহানগৰী নহয় যেন মৃত্যুনগৰীহে ! প্ৰতিদিনেই উদ্ধাৰ এটাৰ পিছত আন এটা মৃতদেহ। ব্যতিক্ৰম নহ'ল বুধবাৰৰ পুৱাও। বুধবাৰে পুৱাই গুৱাহাটী মহানগীৰৰ বামুণীমৈদামৰ ভাস্কৰনগৰত উদ্ধাৰ হ'ল এটা মৃতদেহ। উদ্ধাৰ হোৱা মৃতদেহটো এগৰাকী যুৱতীৰ।
জানিব পৰা মতে ভাস্কৰনগৰৰ এটা নলাত বস্তাত ভৰাই যুৱতীগৰাকীৰ মৃতদেহ পেলাই থৈ যায় দুবৃত্তই। মৃতদেহ সোমাই থকা বস্তাটো পানীত উপঙি থকা পৰিলক্ষিত কৰি এজন যুৱকে বস্তাটোত কি আছে বুলি খুলি চাওঁতেই পোহৰলৈ আহে এই ঘটনা।
ইয়াৰ পিছতে স্থানীয় লোকৰ মাজত সৃষ্টি হয় ব্যাপক চাঞ্চল্য। ইফালে ঘটনাৰ খবৰ পোৱাৰ পিছতে চানমাৰী আৰক্ষী থানাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰিছে। কিন্তু বৰ্তমানলৈকে এই মৃতদেহটো কাৰ, বা কোনে তেওঁক হত্যা কৰিলে, কিয় হত্যা কৰিলে তাৰ কোনো তথ্য লাভ কৰা নাই।
স্থানীয় লোকে আৰক্ষীক শীঘ্ৰেই ঘটনাৰ সবিশেষ পোহৰলৈ আনিবলৈ দাবী উত্থাপন কৰাৰ লগতে হত্যাকাৰীৰ উচিত শাস্তিৰ দাবী কৰিছে। উলেক্ষ্য যে মহানগৰীত প্ৰতিদিনেই সংঘটিত হৈ আহিছে হত্যা, হিংসাৰ ঘটনা। প্ৰতিদিনেই উদ্ধাৰ হৈ আহিছে মৃতদেহ। তাৰ পিছতো যেন গুৱাহাটী আৰক্ষীয়ে লোৱা নাই বিশেষ গুৰুত্বপূৰ্ণ ভূমিকা। যাৰ পৰিণতিত এনে ঘটনা বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে।