পবিতৰাৰ বনৰীয়া ম’হৰ আক্ৰমণত কৃষক আহতঃ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ…

পবিতৰাৰ বনৰীয়া ম’হৰ আক্ৰমণত কৃষক আহতঃ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ…

author-image
asomiyapratidin
New Update
পবিতৰাৰ বনৰীয়া ম’হৰ আক্ৰমণত কৃষক আহতঃ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ…

ডিজিটেল সংবাদ মায়ংঃ পবিতৰা অভয়াৰণ্যৰ এটা বনৰীয়া ম'হৰ আক্ৰমণত শুকুৰবাৰে এজন কৃষক গুৰুতৰভাবে আহত হয়। আহত লোক জনৰ নাম শংকৰ শিকদাৰ। ঘটনা সন্দৰ্ভত জানিব পৰা মতে
দিনৰ ১১ মান বজাত পবিতৰাৰ গাতে লাগি থকা বেংডুবি পথাৰত সৰিয়হ তুলি থকাৰ সময়ত বনৰীয়া ম'হটোৱে অতৰ্কিতে খেদি গৈ আক্ৰমণ কৰে ৩৫ বছৰীয়া শংকৰক।অকলে পথাৰত কাম কৰি থকা সময়তে শংকৰক পিছফালৰ পৰা ম'হ টোৱে আক্ৰমণ কৰাত সো ভৰিখনত গুৰুতৰ ভাৱে জখম হয় আৰু মূৰত কিছু আঘাত পায়।তাৰ পিছতেই তেওঁৰ ওপৰত হোৱা এই আক্ৰমণৰ খবৰ ঘৰৰ মানুহে লাভ কৰাৰ পিছতেই তেওঁক পবিতৰাৰ ঝিঝিনা ৰিজৰ্টৰ কাষতে থকা নিজ ঘৰলৈ দাঙি আনে।

Advertisment

উক্ত ঘটনাৰ খবৰ লাভ কৰাৰ পিছতেই বন বিভাগৰ তৎপৰতাত প্ৰথমে মায়ঙৰ লুনমাটি ৰাজ্যিক স্বাস্থ্য কেন্দ্ৰলৈ নিয়া হয় আৰু তাৰ পিছত উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় লৈ প্ৰেৰণ কৰা হয়।বৰ্তমান  চিকিৎসাধীন হৈ আছে শংকৰ। জানিব পৰা মতে ঘন কুঁৱলীৰ বাবে শংকৰে দেখা পোৱা নাছিল কোনফালৰ পৰা খেদি আহিছিল গোনা ম'হটোৱে। ম'হটোৰ কাষতে এটা এশিঙীয়া গঁড়েও ঘাঁহ খাই আছিল যদিও গঁড়টোৱে কোনো অসুবিধাৰ সৃষ্টি কৰা নাছিল।