অষ্টম স্প’ৰ্ট ক্লাইম্বিং শিবিৰৰ সফল সামৰণি

অষ্টম স্প’ৰ্ট ক্লাইম্বিং শিবিৰৰ সফল সামৰণি

author-image
asomiyapratidin
New Update
অষ্টম স্প’ৰ্ট ক্লাইম্বিং শিবিৰৰ সফল সামৰণি

ডিজিটেল সংবাদ গুৱাহাটী: স্প'ৰ্ট ক্লাইম্বিঙৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে দীর্ঘদিনধৰি কাম কৰি অহা অসমৰ প্ৰথম আৰু একমাত্র সংগঠন অসম স্প'ৰ্ট ক্লাইম্বিং এচ'ছিয়েশ্যনে আয়োজন কৰা অষ্টম স্প'ৰ্ট ক্লাইম্বিং শিবিৰৰ শনিবাৰে সফল সামৰণি পৰে। যোৱা ১ নৱেম্বৰৰ পৰা চতুর্থ অসম আৰক্ষী বেটেলিয়ন খেলপথাৰত আৰম্ভ হোৱা এই শিবিৰত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰপৰা ৪৫ জন প্ৰশিক্ষার্থীয়ে অংশ গ্ৰহণ কৰে । বিভিন্ন বয়সৰ অংশগ্ৰহণকাৰী সকলৰ ভিতৰত সৰ্বনিম্ন ৮ বছৰীয়া শিশুও আছিল ।

Advertisment

অসম স্প' র্ট ক্লাইম্বিং এচ'ছিয়শ্বেনৰ সভাপতি স্বপ্ননীল বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত সামৰণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে ৰাজ্যৰ বিশেষ আৰক্ষী সঞ্চালকপ্ৰধান ড০ এল আৰু বিষ্ণই উপস্থিত থাকে। অনুষ্ঠানত অসমত স্প'ৰ্ট ক্লাইম্বিঙৰ বাটকটীয়া স্বর্গীয় বিমল চন্দ্র গোস্বামীৰ পত্নী বিভাৰাণী দেৱী, অসম পর্বতাৰোহণ সন্থাৰ সভাপতি কিশোৰ বৰুৱা, চতুর্থ অসম আৰক্ষী বেটেলিয়নৰ কমাণ্ডেন্ট ইন্দ্রাণী বৰুৱাও উপস্থিত থাকে। এই অনুষ্ঠানতে শিবিৰৰ সামৰণি উপলক্ষে প্ৰশিক্ষাৰ্থীসকলৰ মাজত অনুষ্ঠিত প্রতিযোগিতাৰ বিজয়ীসকলক বঁটা প্ৰদান কৰা হয় বুলি অসম স্পর্ট ক্লাইম্বিং এচ ছিয়েশ্যনৰ সাধাৰণ সম্পাদক ময়ুৰ মহন্তই জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে এক ক্রীড়া হিচাপে বিশ্বৰ সৰ্ববৃহী ক্রীড়া সমাৰোহ অলিম্পিকত শেহতীয়াকৈ সংযোজন হোৱা স্প'ৰ্ট ক্লাইম্বিঙৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে ২০১৪ চনৰপৰা অসম স্প'ৰ্ট ক্লাইম্বিং এচ'ছিয়েশ্বনে কাম কৰি আহিছে। কিন্তু কোভিডসৃষ্ট পৰিস্থিতিৰ বাবে প্ৰায় দুবছৰ ধৰি এই শিৱিৰ বন্ধ হৈ আছিল | প্রণিধানযোগ্য যে এই সন্থাৰ প্রশিক্ষণেৰে এজন খেলুৱৈয়ে ভাৰতক প্রতিনিধিত্ব কৰি ২০১৯ চনত এচিয়া যুৱ স্প'ৰ্ট ক্লাইম্বিং প্রতিযোগিতাত স্থান লাভ কৰিবলৈ সক্ষম হয়।