মৃৎশিল্প ‘টেৰাকোটা’ : বোকাখাত জাতীয় বিদ্যালয়ত ৮ দিনীয়া কৰ্মশালাৰ সফল সমাপ্তি…

মৃৎশিল্প ‘টেৰাকোটা’ : বোকাখাত জাতীয় বিদ্যালয়ত ৮ দিনীয়া কৰ্মশালাৰ সফল সমাপ্তি…

ডিজিটেল সংবাদ বোকাখাতঃ ব্যতিক্ৰম বোকাখাত জাতীয় বিদ্যালয়। ২০০৪ চনৰ প্ৰতিষ্ঠা কালৰে পৰা বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰী সকলৰ লগতে নিকতবৰ্ত্তী বিদ্যালয় সমূহৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত শিল্প সাহিত্য বিজ্ঞান অভিনয় আদি বিষয়ৰ ওপৰত অনুষ্ঠিত কৰি আহিছে বিভিন্ন কৰ্মশালা আৰু অনুষ্ঠানৰ। বিদ্যালয়খনৰ এই ধাৰা অব্যাহত ৰাখি যোৱা ১০ মাৰ্চ ৰ পৰা ১৭ মাৰ্চলৈ বিদ্যালয়খনৰ শিল্প কলা বিভাগৰ উদ্যোগত ৮ দিনীয়াকৈ অনুষ্ঠিত কৰা মৃৎ শিল্প 'টেৰাকোটা' কৰ্মশালাৰ বৃহস্পতিবাৰে সফল সামৰণি পৰে।

বোকাখাত জাতীয় বিদ্যালয়ৰ উপৰিও নিকতবৰ্ত্তী কেইবাখনো বিদ্যালয়ৰ ২ শতাধিক প্ৰশিক্ষাৰ্থীয়ে অংশলোৱা কৰ্মশালাটোত প্ৰশিক্ষক হিছাপে উপস্থিত আছিল বিশিষ্ট চিত্ৰ-ভাস্কৰ্য শিল্পী পাপু ঘোষ আৰু সহযোগী শিল্পী প্ৰমোদ বড়ি। প্ৰশিক্ষাৰ্থীসকলৰ মাজত 'টেৰাকোটা' শিল্পটোৰ বাবে মাটি প্ৰস্তুত কৰাৰ পৰা ভাটি নিৰ্মান কৰি জুইত পুৰি এটা সম্পূৰ্ণ ভাস্কৰ্য সৃষ্টি কৰালৈকে সম্পূৰ্ণ আভাস দিয়া হয় ৮ দিনীয়া কৰ্মশালটোত।

বৃহস্পতিবাৰে বোকাখাত জাতীয় বিদ্যালয় প্ৰাঙ্গনত উক্ত প্ৰশিক্ষণটোৰ সামৰণি উপলক্ষে আয়োজন কৰা হয় এক বিশেষ 'টেৰাকোটা' প্ৰদৰ্শনীৰ। প্ৰদৰ্শণীখনত কৰ্মশালাত প্ৰশিক্ষাৰ্থীসকলে নিৰ্মাণ কৰা 'টেৰাকোটা' ভাস্কৰ্যসমূহ প্ৰদৰ্শন কৰা হয়। বিদ্যালয়খনত ৮ দিনীয়াকৈ প্ৰশিক্ষণত অংশ লোৱা প্ৰশিক্ষাৰ্থীসকলৰ অভিভাৱকসকলৰ লগতে উপস্থিত থাকে বিশিষ্ট গল্পকাৰ-ঔপন্যাসিক- অধ্যাপিকা ৰুবী বৰা।

উল্লেখযোগ্য যে উক্ত টেৰাকোটা প্ৰদৰ্শণীখনৰ লগতে সংগতি ৰাখি বৃহস্পতিবাৰে বিদ্যালয়খনৰ অংকুৰ আৰু প্ৰাক প্ৰাথমিক শ্ৰেণীৰ বাৰ্ষিক চিত্ৰ আৰু ভাস্কৰ্য প্ৰদৰ্শণীও অনুষ্ঠিত কৰা হয়।

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in