"সপ্তম সৰ্বভাৰতীয় আৰক্ষী ক্ৰী়ড়া মহোৎসৱ"ত অসম আৰক্ষী দলৰ সাফল্য...

১৮ তাৰিখৰ পৰা ২৪ তাৰিখলৈ দিল্লীৰ ইন্দিৰা গান্ধী ক্ৰীড়া প্ৰকল্পত আয়োজিত হয় এই প্ৰতিযোগিতা

author-image
Asomiya Pratidin
New Update
"সপ্তম সৰ্বভাৰতীয় আৰক্ষী ক্ৰী়ড়া মহোৎসৱ"ত অসম আৰক্ষী দলৰ সাফল্য...

7th All India Police Games

ডিজিটেল সংবাদ, লামডিং :"৭ম সৰ্বভাৰতীয় আৰক্ষী ক্ৰী়ড়া মহোৎসৱ"ত অসম পুলিচ দলে 'পেঞ্চাক চিলাট' বিভাগত প্ৰতিযোগিতা আগবঢ়াই পদক জিনিবলৈ সক্ষম হয়। ছেপ্টেম্বৰ মাহৰ ১৮ তাৰিখৰ পৰা ২৪ তাৰিখলৈকে দিল্লীৰ ইন্দিৰা গান্ধী ক্ৰীড়া প্ৰকল্পত আয়োজিত হয় এই প্ৰতিযোগিতা।

উল্লেখ্য যে পোন-প্ৰথমবাৰৰ বাবে 'পেঞ্চাক চিলাট' সমৰকলাক এই ক্ৰীড়া মহোৎসৱত অন্তৰ্ভুক্ত কৰা হয়। অসম পুলিচ দলৰ হৈ ক্ৰমে কনিষ্টবল ধৰ্মবীৰ ৰাভা, ৰূপম দাস, দীন ইছলাম আৰু আনচু বসুমতাৰীয়ে প্ৰতিযোগিতা আগবঢ়ায় য'ত আনচু বসুমতাৰীয়ে ৰূপৰ দপক অৰ্জ্জন কৰিবলৈ সক্ষম হয়।

দেশৰ বিভিন্ন ৰাজ্যৰ ৰাজ্যিক আৰক্ষী দল সমূহৰ লগতে পেৰা-মিলিটেৰী দল সমূহক লৈ মুঠ ৪১ টা দলৰ ১৫৮০ গৰাকী খেলুৱৈ আৰু ২৭০ গাৰকী অফিছিয়েলছে অংশগ্ৰহণ কৰা "৭ম সৰ্বভাৰতীয় আৰক্ষী ক্ৰী়ড়া মহোৎসৱ"ত অসম কন্যা আনচু বসুমতাৰীয়ে পেঞ্চাক চিলাট বিভাগত পদক জিনি অসম পুলিচৰ লগতে অসম পেঞ্চাক চিলাট এছ'চিয়েশ্ব্যন আৰু ৰাজ্যখনক গৌৰৱাম্বিত কৰাৰ বাবে বহুতো দল-সংগঠনে খেলুৱৈগৰাকীৰ শলাগ লয় আৰু অভিনন্দন জ্ঞাপন কৰে।

all india police game assam Assam police