Advertisment

বটদ্ৰবা থানা আক্ৰমণৰ ঘটনা সন্দৰ্ভত ৭৯ পৃষ্ঠাৰ চাৰ্জশ্বীট দাখিলঃ ১৩ অভিযুক্ত এতিয়াও পলাতক…

বটদ্ৰবা থানা আক্ৰমণৰ ঘটনা সন্দৰ্ভত ৭৯ পৃষ্ঠাৰ চাৰ্জশ্বীট দাখিলঃ ১৩ অভিযুক্ত এতিয়াও পলাতক…

author-image
asomiyapratidin
New Update
১০ হাজাৰ টকা দিব নোৱাৰাৰ বাবেই আৰক্ষীৰ প্ৰহাৰত মৃত্যু এজনৰ ! বটদ্ৰৱা থানাত আৰক্ষীক প্ৰহাৰ কৰি অগ্নিসংযোগ…

ডিজিটেল সংবাদ নগাঁও : বটদ্ৰবা আৰক্ষী থানা আক্ৰমণ আৰু অগ্নিসংযোগ কৰা ঘটনাৰ সৰ্ন্দভত নগাঁও আৰক্ষীয়ে শনিবাৰে চাৰ্জশ্বীট দাখিল কৰিছে ৷ নগাঁও আৰক্ষী অধীক্ষক লীনা দলেয়ে এক সংবাদমেল সম্বোধন কৰি চাৰ্জশ্বীট দাখিলৰ কথা সদৰি কৰিছে ৷ আৰক্ষীয়ে আদালতত দাখিল কৰা চাৰ্জশ্বীট খন ৭৯ পৃষ্ঠাৰ বুলি জানিব পৰা গৈছে ৷

Advertisment

আৰক্ষী অধীক্ষকে সদৰি কৰা মতে আদালতক এই ঘটনাৰ বিচাৰ প্ৰক্ৰিয়া ফাষ্টট্ৰেক আদালতত চলাবলৈ অনুৰোধ জনাব ৷ চৰকাৰৰ বিৰোধী কামত জৰিত সকলে যাতে সোনকালে শাস্তি লাভ কৰে ৷ আৰক্ষীয়ে তদন্তৰ প্ৰক্ৰিয়া ৯০ দিনৰ ভিতৰত সমাপ্ত কৰি চাৰ্জশ্বীট দাখিল কৰাৰ কথা আছিল যদিও ক্ষীপ্ৰতাৰে তদন্ত সামৰি তদন্তকাৰী বিষয়াই আঢ়ৈমাহতে চাৰ্জশ্বীট দাখিল কৰিবলৈ সক্ষম হয় ৷

জানিব পৰা মতে বটদ্ৰবাৰ ঘটনাৰে জৰিত ৯জনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৷ ইয়াৰ বাহিৰেও ১৩ জন পলাতক অৱস্হাত আছে ৷ সংবাদমেলখনত আৰক্ষী অধীক্ষকে স্পষ্ট কৰে যে, মালখানাত অগ্নিসংযোগ কৰাৰ ফলত ধ্বংশ হোৱা চৰকাৰী মাৰানাস্ত্ৰ সমূহৰ সম্পূৰ্ণ তথ্য পোৱা গৈছে ৷ কিন্তু বিভিন্ন কাৰনত আৰক্ষী থানাত জমা ৰখা ব্যক্তিগত লোকৰ মাৰানাস্ত্ৰৰ তথ্য সম্পূৰ্ণ ৰূপে উদ্ধাৰ কৰিব পৰা হোৱা নাই ৷ থানাৰ সকলো নথি পত্ৰ জ্বলাই দিয়াৰ বাবে তথ্যসমূহ উদ্ধাৰ কৰাত সমস্যা হৈছে ৷

বটদ্ৰবা আৰক্ষী থানাৰ আক্ৰমনৰ ঘটনাৰে বাংলাদেশৰ জেহাদী সংগঠন এ বি টিৰে সমন্ধ থাকিব পাৰেনেকি বিষয়টো তদন্তৰ আওতাত থকা বুলিও জানিব দিয়ে আৰক্ষী বিষয়াগৰাকীয়ে ৷