৭৮ সংখ্যক ৰাস মহোৎসৱৰ মহাৰজত জয়ন্তী বৰ্ষ উদযাপনৰ ব্যাপক প্ৰস্তুতি হৰিশিঙাত

৭৮ সংখ্যক ৰাস মহোৎসৱৰ মহাৰজত জয়ন্তী বৰ্ষ উদযাপনৰ ব্যাপক প্ৰস্তুতি হৰিশিঙাত

author-image
asomiyapratidin
New Update
৭৮ সংখ্যক  ৰাস মহোৎসৱৰ মহাৰজত জয়ন্তী বৰ্ষ উদযাপনৰ ব্যাপক প্ৰস্তুতি হৰিশিঙাত

ডিজিটেল সংবাদ,হৰিশিঙাঃ ঐতিহ্যমণ্ডিত হৰিশিঙা ৰাস মহোৎসৱত প্ৰত্যেক বছৰে হাজাৰ হাজাৰ দৰ্শকৰ সমাগম হয় । ৭৮ বছৰ সৰ্ম্পূণ কৰা ৰাস মহোৎসৱখনি মহাৰজত জয়ন্তী বৰ্ষ হিচাপে পালন কৰিব অহা ২৩ নৱেম্বৰ পৰা । বিশেষ আৰ্কষণ হিচাপে বাহঁ থলুৱা সামগ্ৰীৰে নিৰ্মাণ কৰি উলিয়াইছে ৬০ ফুট উচ্চৰ এক বিশাল প্ৰতিমা।

Advertisment

স্থানীয় শিল্পী তথা চাৰু কলা বিভাগৰ শিক্ষক পবিত্ৰ দাসৰ উদ্যোগত নিৰ্মাণ কৰিছে এই বিশাল অসুৰৰ প্ৰতিমাটো । সৰ্ম্পূণ বাঁহেৰে নিৰ্মিত কৰা বিশাল আকাৰৰ প্ৰতিমাটো খণ্ড খণ্ডকৈ নিৰ্মাণ কৰা হৈছে বুলি শিল্পীগৰাকীয়ে জানিবলৈ দিছে । এইবাৰ ঐতিহ্যমণ্ডিত হৰিশিঙা ৰাস মহোৎসৱৰ বিশেষ আৰ্কষণ হিচাপে বিশাল আকাৰৰ প্ৰতিমাটো ৰাস মহোৎসৱৰ বিশেষ ধামাকা হব বুলিও উল্লেখ কৰিছে স্থানীয় লোকে ।