আজি ৭৬ সংখ্যক স্বাধীনতা দিৱস…

আজি ৭৬ সংখ্যক স্বাধীনতা দিৱস…

author-image
asomiyapratidin
New Update
আই অ’ চি পে’ট্ৰল পাম্পত দি আহিব পাৰিব অব্যৱহৃত জাতীয় পতাকা…

ডিজিটেল ডেস্কঃ স্বাধীনতাৰ মহাৰজত জয়ন্তী অৰ্থাৎ৭৫ বছৰ অতিক্ৰম কৰি ৭৬ বছৰত ভৰি দিলে। স্বাধীনতাৰ এই পবিত্ৰ ক্ষণত স্বাধীনতা পিয়াসী মুক্তিকামী সেই শত সহস্ৰ ছহিদ তথা বৃটিছ বিৰোধী যুঁজৰ অক্লান্ত সেনানী সকললৈ জনাইছোঁ সশ্ৰদ্ধ প্ৰণিপাত। দেশে এইবাৰ তিনিদিয়াকৈ উদযাপন কৰা স্বাধীনতা দিৱসৰ আজি তৃতীয়টো দিন।

Advertisment

এটা বছৰৰ বিভিন্ন কাৰ্যসূচীৰে স্বাধীনতাৰ অমৃত মহোৎসৱৰ আজি সামৰণি পৰিব। একেদৰে সামৰণি পৰিব হৰ ঘৰ ত্ৰিৰংগৰ কাৰ্যসূচীৰো। হৰ ঘৰ ত্ৰিৰংগ কাৰ্যসূচীৰ অধীনতেই ১৩ আগষ্টত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা হৈছিল যদিও আজি পৰম্পৰাগতভাৱেই দেশৰ বিভিন্ন প্ৰান্তত উত্তোলন কৰা হ'ব ৰাষ্ট্ৰীয় পতাকা।

ইতিমধ্যে দেশৰ বিভিন্ন প্ৰান্তত আৰম্ভ হৈছে ১৫ আগষ্ট, স্বাধীনতা দিৱসৰ মূল কাৰ্যসূচীসমূহ। দেশৰ অন্য প্ৰান্তৰ দৰেই অসমতো অতি ব্যাপক ভাৱে এইবাৰ উদযাপন কৰা হৈছে। খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বিপৰীতে অন্যান্য জিলা সদৰত মন্ত্ৰীসকলে উত্তোলন কৰিব ৰাষ্ট্ৰীয় পতাকা।