/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/01/army-DAY-16.jpg)
ডিজিটেল ডেস্কঃ ভাৰতীয় সেনাই শনিবাৰে ৭৪ তম সেনা দিৱস উদযাপন কৰিছে। সমগ্ৰে দেশে এই উপলক্ষে ভাৰতীয় সেনাক অভিনন্দন জনাৱোৰ লগতে সেনাই উদযাপন কৰা বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে। দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও সেনা দিৱস উপলক্ষে ভাৰতীয় সেনাক শুভেচ্ছা জ্ঞাপন কৰিছে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সেনা দিৱস উপলক্ষে ভাৰতীয় সেনাক শুভেচ্ছা জ্ঞাপন কৰি কয় যে, সাহসী সৈনিক, সন্মানীয় প্ৰাক্তন সৈনিক আৰু তেওঁলোকৰ পৰিয়ালক সেনা দিৱসৰ শুভেচ্ছা জনাইছো। ভাৰতীয় সেনা তেওঁলোকৰ সাহসিকতা আৰু পেছাদাৰীতাৰ বাবে জনাজাত। ৰাষ্ট্ৰীয় সুৰক্ষাৰ ক্ষেত্ৰত ভাৰতীয় সেনাৰ অমূল্য অৱদান আমাৰ শব্দই ন্যায় কৰিব নোৱাৰে।
#WATCH | Delhi: Indian Army's Parachute Regiment commandos marching during the Army Day Parade in the new digital combat uniform of the Indian Army. This is the first time that the uniform has been unveiled in public. pic.twitter.com/j9D18kNP8B
— ANI (@ANI) January 15, 2022
আনহাতে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে ভাৰতীয় সেনাক শুভেচ্ছা জ্ঞাপন কৰি কয় যে, সেনা জোৱান আৰু প্ৰাক্তন সৈনিকসকলক সেনা দিৱসৰ শুভেচ্ছা জনাইছো। ৰাষ্ট্ৰীয় সুৰক্ষা নিশ্চিত কৰাৰ ক্ষেত্ৰত ভাৰতীয় সেনা গুৰুত্বপূৰ্ণ হৈ আছে। আমাৰ সৈনিকসকলে সীমান্ত সুৰক্ষিত কৰা আৰু শান্তি বজাই ৰখাৰ ক্ষেত্ৰত পেছাদাৰীতা, ত্যাগ আৰু বীৰত্ব প্ৰদৰ্শন কৰিছে। আপোনালোকৰ সেৱাৰ বাবে ৰাষ্ট্ৰ কৃতজ্ঞ। জয় হিন্দ।
উল্লেখ্য যে প্ৰতিবছৰে ১৫ জানুৱাৰীত আৰ্মি দিৱস পালন কৰি আহিছে দেশ। আজিৰ দিনটোতে ভাৰতীয় সেনা বৃটিছ সেনাৰ পৰা সম্পূৰ্ণৰূপে মুক্ত হৈছিল। ইয়াৰ পিছত প্ৰথমবাৰৰ বাবে লেফেটেনেণ্ট জেনেৰেল কে এম কৰিয়াপ্পা প্ৰথম ভাৰতীয় হিচাপে কামাণ্ডাৰ -ইন-চীফ হয়। কৰিয়াপ্পা স্বাধীন ভাৰতৰ প্ৰথম সেনা প্ৰধান আছিল।
#WATCH | Indian Army releases a video showcasing the valour of the forces on the occasion of #ArmyDay pic.twitter.com/EtK3RIJxkN
— ANI (@ANI) January 15, 2022