লোকপ্ৰিয় গোপীনাথ বৰদলৈক ৭১ সংখ্যক মৃত্যুতিথিত সশ্ৰদ্ধ সোঁৱৰণ মুখ্যমন্ত্ৰীৰ…

লোকপ্ৰিয় গোপীনাথ বৰদলৈক ৭১ সংখ্যক মৃত্যুতিথিত সশ্ৰদ্ধ সোঁৱৰণ মুখ্যমন্ত্ৰীৰ…

author-image
asomiyapratidin
New Update
লোকপ্ৰিয় গোপীনাথ বৰদলৈক ৭১ সংখ্যক মৃত্যুতিথিত সশ্ৰদ্ধ সোঁৱৰণ মুখ্যমন্ত্ৰীৰ…

ডিজিটেল ডেস্কঃ লোকপ্ৰিয় গোপীনাথ বৰদলৈক মৃত্যু তিথিত সশ্ৰদ্ধাৰে সোঁৱৰণ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । নৱগ্ৰহত থকা গোপীনাথ বৰদলৈৰ সমাধিক্ষেত্ৰলৈ গৈ শ্ৰদ্ধা জ্ঞাপন কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে। হিমন্ত বিশ্ব শৰ্মাই কয়- অসমীয়া সমাজ জীৱনলৈ বহু বৰঙণি আছে গোপীনাথ বৰদলৈৰ। অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈৰ মৃত্যু হৈছিল ১৯৫০চনৰ ৫ আগষ্টত।

Advertisment

স্বাধীন অসমৰ প্রথম মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈয়ে গ্ৰহণ কৰা স্থিতিৰ বাবেই গ্ৰুপিং আঁচনিৰ পৰা ৰক্ষা পৰিছিল অসম। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৭১ সংখ্যক মৃত্যু তিথিত তেওঁক স্মৰণ কৰি কয় যে- গোপীনাথ বৰদলৈ আছিল আধুনিক অসমৰ স্বপ্নদ্ৰষ্টা। তেওঁৰ ৰাজনৈতিক আৰু স্বাধীনতা আন্দোলনলৈ আগবঢ়োৱা বৰঙণিৰ কথাও ভাষণত সুঁৱৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

বৰদলৈৰ জীৱন আৰু তেওঁৰ কৰ্মৰ মূল্যায়ন কৰি ভাৰত চৰকাৰে তেওঁক ভাৰতৰত্ন উপাধি দিয়াৰ লগতে পাঠ্যপুথিতো তেওঁৰ বিষয়ে পাঠ সংলগ্ন কৰাৰ কথা উল্লেখ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেওঁৰ জীৱন আৰু কৰ্মৰাজি সদায় চিৰস্থায়ী হৈ ৰ'ব অসমৰ মাজত। উল্লেখ্য যে, গোপীনাথ বৰদলৈয়ে জীৱনকালত স্বকীয় পৰিচয় , স্বাভিমান আৰু অস্তিত্ব ৰক্ষাৰ সপক্ষে যুঁজ দি ভাৰতৰ মূল ভূখণ্ডৰ লগত উত্তৰ পূব ভাৰতৰ পৰিচয় চিৰকাললৈ ৰক্ষা কৰিছিল।

ৰাজ্য চৰকাৰে চলিত বৰ্ষৰ ৫ আগষ্টৰ দিনটো কৰ্মচাৰী দিৱস ৰূপে উদযাপন কৰাৰ সিদ্ধান্ত কৰাৰ কথাও উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে। লগতে তেওঁ নিঃস্বাৰ্থভাৱে আগবঢ়োৱা সেৱাৰ বাবে চিৰকাল তেওঁক অসমে মনত ৰাখিব বুলিও কয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।