/asomiyapratidin/media/media_files/2025/11/18/zubeen-love-2025-11-18-18-00-26.jpg)
ডিজিটেল ডেস্ক: প্ৰিয় শিল্পী জুবিন গাৰ্গৰ প্ৰতি কিমান ভালপোৱা থাকিব পাৰে এজন অনুৰাগীৰ ? বহুতৰে থাকে এই প্ৰশ্ন ! কাৰণ প্ৰতিজন অসমীয়াৰ প্ৰাণতকৈও বেছি মৰমৰ এইগৰাকী অসম সন্তান। জুবিন গাৰ্গৰ অগণন অনুৰাগীৰ মাজত আছে এজন বিশেষ অনুৰাগী।
এইগৰাকী অনুৰাগীৰ নাম ড॰ ৰাকেশ সিং। পেছাত ব্যৱসায়ী ড॰ সিং এজন সমাজ সচেতন ব্যক্তি। আজি জুবিন গাৰ্গৰ জন্মদিন উপলক্ষে তেওঁ ব্যতিক্ৰমী ভাৱে শিল্পীগৰাকীৰ সোৱঁৰণ কৰে। ড॰ ৰাকেশ সিঙে জুবিন গাৰ্গৰ জন্মদিন উপলক্ষে ৭০০গৰাকী লোকক আজি দিনৰ খাদ্য যোগান ধৰে। তদুপৰি, তেওঁৰ ঘৰত ৫ পাঁচ ফুট উচ্চতাৰ ২৫ কিলোগ্ৰাম ওজনৰ এটা বিশেষ থীম কেক কাটি প্ৰাণৰ শিল্পীগৰাকীক স্মৰণ কৰে।
উল্লেখ্য যে, জুবিন গাৰ্গৰ অন্তিমখন ছবি 'ৰৈ ৰৈ বিনালে'ৰ মুক্তিৰ দিনাই মহানগৰীত এটা ছবিগৃহ সম্পুৰ্ণ বুক কৰি বহু লোকক ছবিখন চোৱাৰ সুবিধা কৰি দিছিল ড॰ ৰাকেশ সিঙে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us