ডিজিটেল সংবাদ গোলাঘাটঃ এক চাঞ্চল্যকৰ মৰেল পুলিচিঙৰ ঘটনাই জোকাৰি গৈছে গোলাঘাট জিলাৰ মেৰাপানী সীমান্তৰ দয়ালপুৰ অঞ্চল। ধাননি পথাৰত বিহ দি হাঁহ নিধন কৰাৰ সন্দেহত ৭০ বছৰীয়া এজন বৃদ্ধসহ আন এজন লোকক উন্মত্ত লোকৰ এটা দলে অকথ্য নিৰ্যাতন চলোৱাৰ ঘটনা সংঘটিত হৈছে দয়ালপুৰ যোগেচি পথাৰ গাঁৱত।
যোৱা ১০ আগষ্ট তাৰিখেই ঘটনাটো সংঘটিত হৈছিল যদিও সামাজিক মাধ্যমত নিৰ্যাতনৰ ভিডিঅ' ভাইৰেল হোৱাৰ পাছতহে ঘটনাটো পোহৰলৈ আহিছে। তথ্য অনুসৰি, ১০ আগষ্ট তাৰিখে যোগেচি পথাৰ গাঁৱৰ ধাননি পথাৰত অচিনাক্ত কোনো লোকে বিহ দিয়াৰ ফলত স্থানীয় কেইবাটাও পৰিয়ালৰ একাংশ পোহনীয়া হাঁহ মৃত্যুমুখত পৰে।
সেই অজুহাততে গাঁওখনৰ প্ৰায় ১৫ জন উগ্ৰ প্ৰকৃতিৰ লোকে পথাৰত বিহ দিয়াৰ সন্দেহত ঘৰৰ পৰা ধৰি নিয়ে বগা বসুমতাৰী(৭০) নামৰ বৃদ্ধজনৰ লগতে হাইঠা বসুমতাৰী(৪০) নামৰ আন এজন লোকক। ঘৰৰ পৰা বলপূৰ্বক ধৰি নি পাছত দোয়োকে সমিপৰ গাঁৱৰ তিনিআলিত প্ৰায় আধা ঘণ্টা ধৰি সৰ্বশৰীৰত প্ৰহাৰ কৰে উন্মত্ত লোকৰ দলটোৱে।
কেৱল মাৰপিটতে ক্ষান্ত নাথাকি ৰাজহুৱা স্থানত গাৰ কাপোৰ খুলি বহুসময় ধৰি কলহেৰে পানী ঢালি নাৰকীয় শাস্তি দিয়ে নিৰ্যাতনকাৰী দলটোৱে। বহুসময় ধৰি মাৰপিট কৰাৰ ফলত বৃদ্ধ বগা বসুমতাৰীৰ লগতে হাইঠা বসুমতাৰীৰ শৰীৰ তেজেৰে তুমুৰুলি হৈ পৰে।
পাছত নিৰ্যাতনকাৰীৰ দলটোৱে দোয়োকে কোবাই কোবাই চাৰি কিলোমিটাৰ নিলগৰ তেলীশাল তিনিআলিলৈ নি পুনৰ ৰাজহুৱা বিচাৰ আৰম্ভ কৰে। ৰাজহুৱা বিচাৰত দোয়োকে ১৪৫০০/-টকা জৰিমনা বিহাৰ লগতে আগন্তুক এটা সপ্তাহৰ ভিতৰত জৰিমনাৰ ধন পৰিশোধ কৰাৰ নিৰ্দেশ দিয়া হয়।
ইফালে দলবদ্ধ নিৰ্যাতনৰ পাছত সন্ধিয়ালৈ অসুস্থ হৈ পৰা বয়োবৃদ্ধ বগা বসুমতাৰীক চিকিৎসাৰ ব্যৱস্থা কৰে পৰিয়ালৰ লোকে। সমান্তৰালভাৱে ঘটনা সন্দৰ্ভত স্থানীয় মেৰাপানী আৰক্ষী থানাত নিৰ্যাতনকাৰীৰ বিৰুদ্ধে এক এজাহাৰ দাখিল কৰে বগা বসুমতাৰীৰ পত্নীয়ে।
বগা বসুমতাৰীৰ পৰিয়ালে অভিযোগ কৰা অনুসৰি ১৫ জনীয়া নিৰ্যাতনকাৰীৰ দলটোক নেতৃত্ব দিছিল ৰসনা বসুমতাৰী, নিৰ্মল খাকলাৰী, ফুকন বসুমতাৰী আৰু হৰি বসুমতাৰী নামৰ চাৰিজন স্থানীয় লোকে। উল্লেখযোগ্য যে, নিৰ্যাতনৰ বলি হোৱা হাইঠা বসুমতাৰী নামৰ লোকজনৰ পোহনীয়া হাহঁ কেইটামানো ধাননি পথাৰৰ বিষক্ৰীয়াত মৃত্যু ঘটিছিল।
কিন্তু বাৰম্বাৰ নিজকে নিৰ্দোষী বুলি কৈ থকাৰ পাছতো উন্মত্ত লোকৰ দলটোৱে অমানুষিক অত্যাচাৰ চলাই গৈছিল দোয়োৰে ওপৰত। মেৰাপানী আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে যদিও এইপৰ্যন্ত এটাও নিৰ্যাতনকাৰীক আটক কৰা নাই। সভ্য সমাজত ঘটা এই বৰ্বৰোচিত ঘটনাক এতিয়া সকলোৱে ধিক্কাৰ প্ৰদান কৰিছ।